বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ, সমাজ সেৱা বিভাগৰ পৰা পৰিৱেশ সজাগতা শোভাযাত্রা কৰি অঞ্চলটোত পৰিবেশ সম্পৰ্কত ৰাইজক সজাগ কৰে৷ মহাবিদ্যালয় খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰছাত্ৰী সকলৰ উপস্থিতিত উলিওৱা শোভাযাত্ৰাটোৱে বৰভাগৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷
আনহাতে মহাবিদ্যালয় চৌহদত গছ পুলি ৰোপন কৰে৷ উল্লেখযোগ্য যে এইবেলি ৰোপন কৰা গছ পুলিৰ প্ৰতিপালনৰ দায়িত্ব ছাত্ৰ একতা সভাই নিজেই লোৱাৰ বাবে সংকল্প গ্ৰহন কৰে৷
- Log in to post comments
- 34 views