কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ প্রতিবেদন :
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত ৫ জন লোক আহত হয়। মালবাহী টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত আহত লোককেইজনক কুমাৰীকাটাৰ চেচাপানী গাঁৱৰ নৱজিৎ বসুমতাৰী (১২), গুঞ্জন বসুমতাৰী(৬), ইফৰান বসুমতাৰী (৭), কৃষ্ণ মনি বসুমতাৰী(১৩),অলেন বসুমতাৰী (৫০) বুলি জানিব পৰা গৈছে ।
ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে দুৰ্ঘটনাৰ খবৰ কুমাৰীকাটা আৰক্ষী চকীত দিয়ে। মুহূৰ্ততে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ টেম্পো আৰু বাইক দুখন জব্দ কৰে। স্থানীয় ৰাইজে দুৰ্ঘটনাত আহত লোক কেইজনক লগে লগে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে প্ৰাথমিক চিকিৎসা খিনি কৰি গুৰুতৰ ভাবে আহত লোককেইজনক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 52 views