শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
বৃহস্পতিবাৰ দুপৰীয়া কৰিমগঞ্জ কোর্টত বিশেষ কামৰ বাবে আহিছিল কৰিমগঞ্জৰ ৱাজাৰিছড়াৰ বাসিন্দা অঞ্জন দাস। ঘড়িৰ কাটাত সময় তেতিয়া দুপৰীয়াৰ ১২ বাজো বাজো। তেনে অৱস্থাতে হঠাৎ তেওঁ অনুভব কৰিলে যে নিজৰ পকেটত থকা মোবাইল ফোনটো যেন গৰম হৈ আহিছে।খপ-জপকৈ মোবাইল ফোনটো পকেটৰ পৰা উলিয়াই ভয়তে মাটিত থৈ কি হৈ আছে বুলি উৎসুকতাৰে চাব ধৰোঁতেই তৎক্ষণাত প্ৰচণ্ড শব্দ কৰি নোট-3.এমআই মোবাইলটো বিস্ফোৰিত হৈ যায় বুলি জানিব পৰা গৈছে। মোবাইলটোৰ গৰাকী দাসৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই কোনো বিশেষ হানি বিঘিনি নোহোৱাকৈ যুৱক জন ৰক্ষা পৰে যদিও এই ঘটনাই আতংকিত কৰি তুলিছে মোবাইল ব্যৱহাৰকাৰী সকলক।
- Log in to post comments
- 50 views