"আৰ্হি"ৰ ওপজা দিনটোতে দাঙি ধৰিলে প্ৰকৃতি প্ৰেমৰ অনন্য আৰ্হি

aarhi

কমলা কান্ত দাস:
হত্যা, হিংসা,ৰাজনীতিৰ কলুষিত বতাহজাকৰ ভিৰত ভাল খবৰ বোৰ কেতিয়াও হেৰাই নাযায়। কংক্ৰীটৰ মহানগৰীত প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিলে ওপজা দিনৰ এক অভ্যৰ্থনা অনুষ্ঠানে। মহানগৰীত সততে নেদেখা এক ব্যতিক্ৰমী পৰম্পৰাৰ যেন শুভাৰম্ভণি ঘটোৱা হ'ল বুধবাৰে গুৱাহাটীৰ ভেটাপাৰাৰ খেৰাকুছিত অনুষ্ঠিত এই অভ্যৰ্থনা অনুষ্ঠানত। সাধাৰণতে আভ্যৰ্থনা অনুষ্ঠান সমূহত আমি দেখি অহা প্ৰচলিত ব্যৱস্থা সমূহতকৈ এই অভ্যৰ্থনা অনুষ্ঠান যেন বহু ক্ষেত্ৰতেই ব্যতিক্ৰম আছিল।ইয়াক অতি সুপৰিকল্পিতভাবে ব্যতিক্ৰমী ৰূপতেই যেন ডিজাইন কৰা হৈছিল।অভিজাত যাক-যমকীয় পৰিবেশৰ লগতে খাদ্যৰ বিবিধ সমহাৰেৰে অতিথিক আপ্যায়িত কৰাৰ উপৰিও অনুষ্ঠানটোৰ সকলো অভ্যাগতকে গৃহস্থই উপহাৰ হিচাপে দিলে এটা কৈ গছ পুলি।aarhi2

গুৱাহাটীৰ যুৱ নেতা সাৰংগ ভূঞা আৰু লোপামুদ্ৰা মহন্ত ভূঞাৰ একমাত্ৰ কন্যা "আৰ্হিৰ" ওপজা দিনৰ উপলক্ষতে সু-সংস্কৃত পৰিয়ালটোৱে তুলি ধৰে এই ব্যতিক্ৰমী নিদৰ্শন । জানিব পৰা মতে আভ্যৰ্থনা অনুষ্ঠানলৈ অহা প্ৰায় ৫ শতাধিক লোকৰ সকলোকে এটা কৈ গছ পুলি উপহাৰ হিচাপে আগবঢ়ালে পৰিয়ালটোৱে। আভ্যৰ্থনা গৃহৰ প্ৰৱেশ-প্ৰস্থান দ্বাৰৰ মুখতেই ৰৈ থাকি অভ্যৰ্থনা গ্ৰহণ কৰি ওলাই যোৱা প্ৰতিগৰাকী লোককে "আৰ্হি"ৰ হৈ মাক দেউতাকে অতি আদৰেৰে হাতত তুলি দিছে এই গছ পুলি সমূহ। লগতে আহ্বান জনোৱা হ'ল ঘৰত গৈ কোনোবা এডোখৰ ঠাই উলিয়াই গছ পুলি সমূহ ৰুবলৈ।

পৰিয়ালটোৰ বিনম্ৰ তথা সাদৰ আহ্বানৰ প্ৰতি গছপুলি গ্ৰহণ কৰা প্ৰতিজন লোকেই সঁহাৰি জনাবলৈ একপ্ৰকাৰ মন বান্ধিয়েই যেন ওলাই আহিল।কন্যাৰ ওপজা দিনৰ আভ্যৰ্থনাত সাৰংগ ভূঞা আৰু লোপামুদ্ৰা মহন্ত ভূঞাৰ এনে ব্যতিক্ৰমী পদক্ষেপক আদৰণি জনাইছে সকলোৱে। কংক্ৰীটৰ মহানগৰীত বসবাস কৰিও জন্মদিনৰ আভ্যৰ্থনাত গছ পুলি উপহাৰেৰে যি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে স্বাভাৱিকতেই পৰিয়ালটো প্ৰসংসাৰ পাত্ৰ। "আৰ্হি"ৰ ওপজা দিনটো সঁচা অৰ্থত যেন এক শুভ পৰম্পৰাৰ আৰম্ভণিৰ দিনহে আছিল।

Your Comments