নলবাৰী, ৬ জুন :
আস্থা,ভাতৃত্ববোধ,বন্ধুত্ব আদি শব্দবোৰ আমাৰ সমাজৰ পৰা যেন হেৰাই যাব ধৰিছে ৷ আমি জ্ঞানৰ দ্বাৰা পৰিচালিত হ'ব লাগে কিন্তু পৰিচালিত হৈছো টকা-পইচাৰ দ্বাৰা৷ মেধাৱী শিক্ষাৰ্থীসকল সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত ৷ বৰ্তমান আমাৰ সমাজত ইমান উচ্চশিক্ষিত লোক আছে কিন্তু আমি সমাজখনৰ অৱক্ষয় ৰোধ কৰাত যেন ব্যৰ্থ হৈছো ৷- এই মন্তব্য কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুৰ ৰৌফৰ ৷ আজি নলবাৰী জিলাৰ বাহঁজানীৰ এলেংগীদল -মুগকুছি মছজিদ কমিটিৰ উদ্যোগত অঞ্চলটোৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আয়োজিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যাপক ৰৌফে লগতে কয় -আমি আমাৰ মেধা আৰু প্ৰতিভাক সদায় অৱদমন কৰি ৰাখিছো ৷
অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ ওপৰত গুৰুত্ব দি আহিছো কিন্তু তেওঁলোকক স্বাধীনচিতীয়া ,নিৰ্ভিক কৰি গঢ়ি তুলিব নোখোজো ৷ বিশিষ্ট সমাজকৰ্মী আলহাজ শ্বেখ ফৰমানউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা কুতুবউদ্দিন আহমেদ আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদে শৈক্ষিক দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে সাৱলীল ভাষণ দিয়ে ৷ সম্বৰ্ধনা সভাখনত সাংবাদিক আব্দুল কাদেৰ আহমেদে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল নৈতিক শিক্ষাৰে শিক্ষিত হব লাগে বুলি ভাষণপ্ৰসংগত কয় ৷নুৰমহম্মদ আলীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাত এইবেলি সপ্তম স্থানপ্ৰাপ্ত স্থানীয় প্ৰতিভা বৈশ্যসহ অঞ্চলটোৰ ২৫ গৰাকী কীৰ্তিমানক গামোচা আৰু মানপত্ৰৰে উদ্যোক্তাসকলে অভিনন্দন জনায় ৷
সভাত স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয় ৷ আব্দুল মালেকে আঁতধৰা সভাখনত উদীয়মান লেখক আইনুল হকৰ হাতেলিখা কাব্যগ্ৰন্থ সপোন আৰু মোৰ প্ৰৱন্ধ মোৰ কবিতা শীৰ্ষক গ্ৰন্থদুখন উন্মোচন কৰে প্ৰবক্তা কুতুবউদ্দিন আহমেদে ৷ আৰু ইয়াৰ পূৰ্ব্বে পুৱাৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে সমাজকৰ্মী ৰস্তুম আলী আৰু নৌচাদ আলী ৰহমানে ৷
- Log in to post comments
- 12 views