হাজোৰ পৰা কমলাকান্ত দাস :
কামৰূপ জিলাৰ হাজো জাপিয়া গাঁৱৰ এগৰাকী একৈশ বছৰীয়া।যুবতী কালিৰে পৰা নিৰুদ্দিষ্ট হৈ থকাৰ পিছত আজি পুৱা জাপিয়াৰ ওচৰৰ মেৰজানৰ পানী যুৱলীত মৃত অবস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে জাপিয়াৰ হিডালবড়ী চুবুৰীৰ বনেশ্বৰ দাসৰ কন্যা দুলুমণি দাস (২১)য়ে নামৰ একৈশ বছৰীয়া যুৱতী গৰাকী কালি দিনৰ দুই বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল। যুৱতী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছতেই পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়াৰ লগতে আলহী অতিথিৰ ঘৰত খা খবৰ কৰে যদিও শুং সূত্ৰ লাভ কৰিবলৈ সক্ষম নহয়।
এই ঘটনাৰ পিছতেই আজি পুবা জাপিয়াৰ একাংশ লোকে অঞ্চলটোৰ পথাৰৰ মাজত থকা মেৰজানৰ পানীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে ।ৰাইজে তৎমুহূৰ্ততে মৃতদেহাটো উদ্ধাৰ কৰি পাৰলৈ উঠাই অনাত মৃতদেহটো জাপিয়াৰ দুলুমণি দাসৰ বুলি জানিব পাৰে। খবৰটো লাভ কৰাৰ লগে লগে হাজোৰ পুলিচ উপস্থিত হৈ মৃতদেহটো চমজি লৈ আৰক্ষী থানালৈ লৈ আনি পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো জি এম চি এইচলৈ প্ৰেৰণ কৰে। কেনেদৰে কি পৰিস্থিতিত যুৱতীগৰাকীয়ে মৃত্যু মুখত পাৰিব লগীয়া হ'ল তাক সঠিককৈ জানিব পৰা হোৱা নাই যদিও এই সম্পৰ্কত পৰিয়ালৰ লোকে হাজো থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 27 views