বঙাইগাঁও মহাবিদ্যালয়খন এখন মিনি ইণ্ডিয়া-সাংসদ আব্দুল খালেক

khalek

 বঙাইগাঁওঃ ৬ জুনঃ

বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ নতুনকৈ গঠন হোৱা কাৰ্যনিৰ্বাহক সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান আজি অনুষ্ঠিত হয়৷ বঙাইগাঁও মহাবিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত সভাপতিত্ব কৰে পূৰ্বৰ সমিতিখনৰ সভাপতি প্ৰাণেশ্বৰ লাহেড়ীয়ে৷ অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ নৱ নিৰ্বাচিত সভাপতি তথা বৰপেটা লোক সভা সমষ্টিৰো নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্ৰ দাসে শপত বাক্য পাঠ কৰোৱায়৷ ইপিনে নিজে শিক্ষা গ্ৰহণ কৰা মহাবিদ্যালয়খনত উপস্থিত হৈ একালৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ সাংসদ আব্দুল খালেক উৎফুল্লিত হৈ পৰে৷ অনুষ্ঠানত নিজৰ পুৰণি দিনৰ কথা ৰমন্থন কৰি কয় যে যেতিয়া তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ আছিল, তেতিয়া মহাবিদ্যালয়খনৰ অধ্যক্ষ আছিল প্ৰয়াত সুভাষ চক্ৰৱৰ্তী৷ সেই সময়ত বাৰিষাৰ দিনত মহাবিদ্যালয়লৈ বোকা পানী গোচকি আহিবলগীয়া পৰিৱেশ আছিল বুলিও কয়৷bgn2

সাংসদগৰাকীয়ে মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ গৌৰৱান্বিত বুলিও কয়৷ লগতে কয় যে বঙাইগাঁও মহাবিদ্যালয়খন আচলতে এখন মিনি ইণ্ডিয়া৷য'ত সকলো ভাষা-ভাষী,সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণ কৰি আহিছে৷ প্ৰাক্তন ছাত্ৰগৰাকীয়ে নিজৰ ভাষণত আৰু কয় যে মহাবিদ্যালয়বোৰ আচলতে 'নাক' কেন্দ্ৰিক হ'ব নালাগে৷ ছাত্ৰ-ছাত্ৰীক প্ৰকৃত শিক্ষা প্ৰদান কৰাতহে গুৰুত্ব দিব লাগে৷ ইয়াৰ পৰা কিদৰে দেশৰ প্ৰশাসনিক বিষয়া গঢ়ি তুলিব পৰা যায়, সেই বিষয়ে পদক্ষেপ লোৱাৰ সময় আহি পৰিছে বুলিও কয়৷ সাংসদগৰাকীয়ে নিজে শিক্ষা গ্ৰহণ কৰা মহাবিদ্যালয়খনৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ কাৰ্যালয়ৰ বাবে সংসদ পুঁজিৰ পৰা লাভ কৰিবলগীয়া পুঁজিৰ প্ৰথমতেই দহ লাখ টকাৰ এক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷khalek

সাংসদ আব্দুল খালেকে লগতে কয় যে যিহেতু মন্ত্ৰী চন্দন ব্ৰহ্ম নিজেও এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, সেয়ে তেওঁকো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিত অন্তৰ্ভূক্ত কৰি লোৱাৰ বাবে প্ৰস্তাৱ দাঙি ধৰে৷সেইদৰে বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৱাহাটী আৰু দিল্লীৰ বাবে দুটা পৃথক শাখাৰ প্ৰস্তাৱো উত্থাপন কৰে সমিতিৰ নৱ নিৰ্বাচিত সভাপতি খালেকে৷ অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্ৰ দাসে অহা ১০ আৰু ১১ জুনত মহাবিদ্যালয়খনলৈ  'নাক'ৰ দল অহাৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলোক উপস্থিত থাকিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ নৱ গঠিত সমিতিখনৰ বাকীসকল বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যক শপত গ্ৰহণ অনুষ্ঠানত সভাপতিত্ব কৰা প্ৰণেশ্বৰ লাহেড়ীয়ে শপত বাক্য পাঠ কৰোৱায়৷ অনুষ্ঠানত নৱ গঠিত সমিতখনৰ কাৰ্যকৰী সভাপতি গোকুল কলিতা,উপ সভাপতি জ্যোতিৰ্ময় বৈশ্যসহ কেবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে৷ অনুষ্ঠানত সমিতিৰ আহ্বায়ক তথা অধ্যাপক ভৱানী প্ৰসাদ শৰ্মা,সমিতিৰ উপ সভাপতি নিৰ্মল কুমাৰ ৰায় আদিও উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভনীতেই সাংসদ গৰাকীক মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে গামোচা,শৰাই আদিৰে সম্বৰ্ধনা জনায়৷

Your Comments