বঙাইগাঁওঃ ৬ জুনঃ
অসম বিধান সভাৰ নাথ-যোগী জনগোষ্ঠীৰ একমাত্ৰ বিজেপি বিধায়ক কিশোৰ নাথক মন্ত্ৰী সভাত স্থান দিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই৷ আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে এই দাবী উত্থাপন কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক নাথে কয় যে অসম মন্ত্ৰী সভাখন যিহেতু সম্প্ৰসাৰণ কৰা হ'ব, সেয়ে মন্ত্ৰী সভাত খালী হৈ থকা মন্ত্ৰী পদত নাথ- যোগী জনগোষ্ঠীটোৰ একমাত্ৰ বিধায়ক হিচাপে শিলচৰৰ বৰখোলা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ বিধায়ক হৈ থকা কিশোৰ নাথক অন্তৰ্ভূক্ত কৰিব লাগে আৰু এয়া আমাৰ দাবী৷ কাৰণ অসমৰ আন আন জনগোষ্ঠীসমূহৰ তুলনাত নাথ-যোগীসকল যথেষ্ঠ পিছপৰা৷ তাৰোপৰি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা এতিয়ালৈকে অসম বিধান সভালৈ নিৰ্বাচিত হোৱা নাথ-যোগী সম্প্ৰদায়ৰ লোকৰ সংখ্যা মাত্ৰ ছয়গৰাকী৷
অথচ দেশৰ সংকটৰ সময়ত এই জনগোষ্ঠীটোৰ লোকসকলে দেশৰ হকে দিয়া আত্মবলিদানৰ গৌৰৱোজ্জ্বল ইতিহাস আছে৷ পথৰুঘাটৰ কৃষক বিদ্ৰোহ আন্দোলনত শ্বহীদ হোৱা ১৪০ জন শ্বহীদৰ ভিতৰত ২৮ জনেই আছিল নাথ-যোগী জনগোষ্ঠীৰ৷ সেইদৰে ৪২'ৰ ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলিত শ্বহীদ হোৱা ১৩ গৰাকী শ্বহীদৰ ভিতৰত ৫ গৰাকী আৰু আশীৰ দশকত বিদেশী বহিস্কাৰ আন্দোলনত শ্বহীদ হোৱা ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত ১৪০ গৰাকী শ্বহীদেই নাথ-যোগী জনগোষ্ঠীৰ আছিল৷ গতিকে নাথ-যোগীসকলে নিজৰ প্ৰাণ আহুতি দিয়াৰ অতুলনীয় দৃষ্টান্ত এই জনগোষ্ঠীটোৰ মাজতে আছে৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে অসম তথা ভাৰতবৰ্ষৰ কাৰণে এই জনগোষ্ঠীটোৰ অতুলনীয় অৱদান থকাৰ পিছতো স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আজিৰ তাৰিখলৈকে অসমচৰকাৰত নাথ-যোগী জনগোষ্ঠীটোৰ কোনো এজনেও অসম মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কপা নাই৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীক বিজেপি দলৰে বিধায়ক তথা নাথ-যোগী জনগোষ্ঠীৰ একমাত্ৰ বিধায়ক কিশোৰ নাথক মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কৰিলে মন্ত্ৰী সভাত অন্তুৰ্ভূক্ত কৰিবলৈ দাবী জনায়৷ সংবাদ মেলত নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে -অসমত বসবাস কৰা নাথ-যোগীসকল প্ৰায় আঠ হেজাৰ বছৰ পুৰণি এই দেশৰ এক অন্যতম প্ৰাচীন ইতিহাস সমৃদ্ধ শান্তি প্ৰিয় জনগোষ্ঠী৷
এই দেশৰ সভ্যতা,সংস্কৃতি,ভাষা,সাহিত্য,অৰ্থনীতি, ৰাজনীতি,ধৰ্মীয় আদি প্ৰতিটো দিশতে নাথ-যোগীসকলৰ অপৰিসীম অৱদান আছে৷ অসমকে ধৰি হিমালয়ৰ বিস্তৃত নামনি অঞ্চলৰ লগতে জম্মু-কাশ্মীৰৰ পৰা আৰম্ভ কৰি হিমাচলপ্ৰদেশ,উত্তৰাখণ্ড,ৰাজস্থান,ঝাৰখণ্ড,মহাৰাষ্ট্ৰ,কৰ্ণাটক, মধ্য প্ৰদেশ,ত্ৰিপুৰা,পশ্চিম বংগ,বিহাৰআদি প্ৰদেশত হেজাৰ হেজাৰ বছৰ ধৰি ভাৰতৰ এই পুৰাতন জনগোষ্ঠীটোৱে বসবাস কৰি আহিছে৷ ভাৰতীয় আধ্যাত্মিকতাবাদ,যোগ সাধন মাৰ্গ আৰু ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰৰ আবিস্কাৰ, চৰ্চা,প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নাথ বা যোগী সম্প্ৰদায়টোৰ অতুলনীয় অৱদান আছে৷ নাথ আৰু দেৱনাথ এই উপাধি দুটাই অসমত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলৰ প্ৰধান পৰিচয় যদিও চহৰীয়া,মেধি,বৰমেধি,বৰা,শইকীয়া,ডেকা,ভূঞা, বৰুৱা,তালুকদাৰ,কাকতি,বৰকাকতি,হাজৰিকা,চমুৱা, পাটোৱাৰী,ভৌমিক,সৰকাৰ,মজুমদাৰ আদিকে ধৰি প্ৰায় কুৰিটাতকৈও অধিক উপাধিৰে এক গৰিষ্ঠ সংখ্যক নাথ-যোগী লোকে পূৰ্ৱৰে পৰা অসমত বসবাস কৰি আহিছে৷ নাথ-যোগীসকলে তেওঁলোকৰ বিভিন্ন ধৰ্মীয় আচাৰ- অনুষ্ঠানত নিজকে শিৱ গোত্ৰীয় বুলি উল্লেখ কৰিছে৷ নিজৰ গোত্ৰটোৰ পৰাই এজন লোক প্ৰকৃততে নাথ-যোগী হয়নে নহয় তাক চিনাক্ত কৰিব পৰা যায় বুলিও কয়৷ সংবাদ মেলত সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে অসমৰ আটাইকেইখন জিলাতেই নাথ-যোগীসকলে বসবাস কৰি আহিছে আৰু ৰাজ্যখনত এই জনগোষ্ঠীটোৰ জনসংখ্যা ৪০ লক্ষতকৈও অধিক হ'ব৷
অতীতৰে পৰা পাট-পলু পুহি সূতা কাটি সুন্দৰকৈ কাপোৰ বোৱাৰ কাৰণে এই লোকসকলক অসমত 'কাটনি' বুলিও অভিহিত কৰা হয়৷ এতিয়াও এই জনগোষ্ঠীটোৰ মহিলাসকলে এই পৰম্পৰাগত বৃত্তিটো সযতনে ধৰি ৰাখিছে৷ জনগোষ্ঠীটোৰঅধিকাংশ লোক গ্ৰামাঞ্চলত বসবাস কৰে আৰু এইসকলৰ প্ৰায় সংখ্যকেই কৃষিজীৱি৷ অসমত বসবাস কৰা ভালেকেইটা জনগোষ্ঠীৰ লগতে অসমৰ নাথ-যোগীসকলক চৰকাৰে অন্যান্য পিচ পৰা জনগোষ্ঠী হিচাপে ঘোষণা কৰিছে৷ চাকৰিজীৱিসকলৰ ভিতৰত অধিকাংশই বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষকতা কৰে৷ চৰকাৰৰ উচ্চ পদস্থ বিষয়বাবসমূহত এই জনগোষ্ঠীৰ তেনেই নগণ্য সংখ্যক লোকে কাৰ্যনিৰ্বাহ কৰি আহিছে৷ প্ৰশাসনীয় সেৱাসমূহত এই জনগোষ্ঠীৰ লোকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি৷ সেয়ে এনে পিছ পৰা বৃহৎ জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত জনগোষ্ঠীটোৰ একমাত্ৰ বিধায়ক কিশোৰ নাথক অসম মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কৰিলে মন্ত্ৰী সভাত অন্তৰ্ভূক্ত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়৷
এই দাবী সন্দৰ্ভত ইতিমধ্যে নাথ-যোগী ছাত্ৰ সন্থাই আন ভালেকেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগত আলোচনাত মিলিত হোৱা বুলি উল্লেখ কৰি সেই সংগঠন কেইটাইও এই ক্ষেত্ৰত পূৰ্ণ সমৰ্থন জনোৱা বুলি কয়৷ লগতে এই সন্দৰ্ভত সংগঠনকেইটাই অচিৰেই মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সাক্ষাৎ কৰি যৌথভাৱে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও কয়৷ সংবাদ মেলত বঙাইগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি জনাৰ্দ্ধন নাথ, সাধাৰণ সম্পাদক টুটুমণি নাথ আদিও উপস্থিত আছিল৷
- Log in to post comments
- 21 views