কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰঃ
শিৱসাগৰ চহৰৰ মিলন মন্দিৰত মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখা, প্ৰগতি শাখা আৰু শ্ৰী মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্যৰাখি কেন্সাৰ ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰৰ আয়োজন কৰিছে। অহা ৯ জুন দেওবাৰে পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে এই শিবিৰ অনুষ্ঠিত কৰা হ’ব। উক্ত শিবিৰত বিনামূলীয়াকৈ মধুমেহ (ডায়বেটিক), এক্সে, ই এছ এ, মামগ্ৰাফী, থ্ৰত এণ্ডছক’পি, অৰেল চেকআপ, মুখমণ্ডলৰ কেন্সাৰ, হাওঁফাওঁ কেন্সাৰ, স্তন কেন্সাৰ, ডিঙিৰ কেন্সাৰকে ধৰি ভালেকেইটা কেন্সাৰৰ বিনামূলীয়া পৰীক্ষা কৰা হ’ব।
বিশেষ এখন অত্যাধুনিক চলন্ত বাহনত সংযোজিত হৈ থকা কেন্সাৰ স্কেনিং চেণ্টাৰত অতি কম সময়তে এই ৰোগীসকলক এই পৰীক্ষা কৰোৱা হ’ব। উল্লেখ্য যে অসমৰ আন আন জিলাৰ তুলনাত শিৱসাগৰ জিলাত ককট ৰোগীৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখা, প্ৰগতি শাখা আৰু শ্ৰী মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে গ্ৰহণ কৰা এনে পদক্ষেপক জনসাধাৰণে ভূয়সী প্ৰশংসা কৰিছে। বিগত বৰ্ষত অনুষ্ঠিত হোৱা একেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত স্বেচ্ছাসেৱী অনুষ্ঠানকেইটাই কেইবাশতাধিক লোকক উপকৃত কৰিছিল।
কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে আগতীয়াকৈ পঞ্জীয়ন কৰিবলৈ বা সবিশেষ জানিবলৈ ৯৪৩৫০৫৫৪২৩, ৯৪৩৫১৫৫৩৮৮, ৯৯৫৪৪৭৪৬৫৪ আৰু ৮৮৭৬৯৮৫৬৯৯ নম্বৰত যোগাযোগ কৰিবলৈ সভাপতি চম্পালাল আগৰৱালা, সম্পাদক ঋষভ আগৰৱালা, উপদেষ্টা হেমন্ত কেজিৰৱাল আৰু যুটীয়া সম্পাদক পৱন কেজৰিৱাল, বিনিত আগৰৱালাই আহ্বান জনাইছে।
- Log in to post comments
- 105 views