নগাঁৱত নিচাযুক্ত ঔষধসহ দুজনক গ্ৰেপ্তাৰ

nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও চহৰৰ  কচলুখোৱাৰ নৱজ্যোতি সংঘই বৃহস্পতিবাৰে দুপৰীয়া নিচাযুক্ত ঔষধৰ বিৰুদ্ধে অভিযান চলাই কচলুখোৱা অঞ্চলৰ পৰা  বুজন পৰিমানৰ নিচাযুক্ত ঔষধসহ দুজন যুৱকক আটক কৰি মৰিকলং আৰক্ষীক চমজাই দিয়ে।পিছত আৰক্ষীয়ে যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।  ধৃত যুৱক দুজন হ'ল - নগাঁও চহৰৰ আমিনপট্টিৰ নিয়াৰুল হক ওৰফে জুল আৰু  আনোৱাৰ হুছেইন। 


আৰক্ষী সূত্ৰই জানিব পৰা মতে, যুৱক দুজনে দীৰ্ঘদিন ধৰি নিচাযুক্ত ঔষধ সেৱন কৰাৰ লগতে ব্যৱসায় কৰি আহিছিল।সম্পতি আৰক্ষীয়ে ধৃত যুৱক দুজনৰ জেৰা অব্যাহত ৰাখিছে। 


উল্লেখ্য যে নগাঁও চহৰ আৰু ইয়াৰ পাশ্বৰ্ৱতী অঞ্চলত দীৰ্ঘদিন ধৰি নিচাযুক্ত ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে।নগাঁৱৰ সচেতন মহলে চহৰৰ লগতে জিলাখনত অব্যাহত থকা নিচাযুক্ত ঔষধৰ ব্যৱসায় বন্ধ কৰিবলৈ নগাঁও আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

Your Comments