সৰুপথাৰৰ পৰা নবীন বৰা
ধনশিৰী মহকুমাৰ চুঙাজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰাজকতা পৰিলক্ষিত হৈছে।স্থায়ী চিকিৎসক অবিহনে চলিছে ৰোগীৰ চিকিৎসা ৷ দৈনিক এশৰো অধিক ৰোগীৰ আগমন ঘটা এই স্বাস্থ্যকেন্দ্ৰটোত নাই এজনো স্থায়ী চিকিৎসক,নাই পৰ্যাপ্ত সুবিধা৷ ৰূপম গগৈ নামৰ এজন স্থায়ী চিকিৎসক আছে যদিও তেওঁ বৰ্তমান গোলাঘাট, কহঁৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আছে বুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।
ফলত ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰটোৰ ৰোগীসকলে জীয়াতু ভুগিব লগীয়া হৈছে।পৰীক্ষাগাৰ আছে যদিও সময়মতে উপস্থিত নথাকে লেবৰেটৰী টেকনিচীয়ানগৰাকী৷ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগত উন্নতি হৈছে বুলি যিমানেই ঢাক-ধোল নবজাওক কিয়,স্বাস্থ্য বিভাগত যে এতিয়া স্থায়ী চিকিৎসকৰ নাটনি- তাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে ধনশিৰী মহকুমাৰ চুঙাজানৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে।
- Log in to post comments
- 46 views