সেনাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

aajij da

ছিপাঝাৰ, ৬ জুনঃ

ভাৰতীয় সেনাৰ ১৪ গৰওৱাল ৰাইফলছৰ উদ্যোগত তথা স্হানীয় ৰাইজৰ সহযোগত দৰঙৰ বৰদৌলগুৰিত বুধবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে ২ নং বৰদৌলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত যুৱপ্ৰজন্মৰ মাজত আয়োজিত  সজাগতা সভাখনত
 মুখ্য অতিথি হিচাপে উপস্হিত থাকে 'চি' কম্পেনীৰ কম্পেনী কামাণ্ডাৰ। কবি ড° আখতাৰুল ইছলাম হাজৰিকাই পৰিচালনা কৰা সভাখনত বক্তা হিচাপে উপস্হিত থাকে বিশিষ্ট সাহিত্যিক ৰামচন্দ্ৰ নাথ, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথ, বি এচ এফৰ অৱসৰপ্ৰাপ্ত সহকাৰী অধিনায়ক বিজয় কুমাৰ নাথে। প্ৰায় শতাধিকলোক উপস্থিত থকা অনুষ্ঠানটোত, কম্পনী কামাণ্ডাৰজনক বৰদৌলগুৰি সাহিত্যসভাৰ তৰফৰ পৰা সম্বৰ্ধনাও জনোৱা হয়। উল্লেখ্য যে, ২ নং বৰদৌলগুৰি প্ৰাথমিক বিদ্যালয়ৰ উপৰি দৰঙৰ বিভিন্ন ঠাইত সেনাৰ দলটোৱে বৃক্ষৰোপনৰ কাৰ্যসূচীও হাতত লয়।দেশৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত নিয়োজিত সেনাৰ এনে পদক্ষেপক সকলোৱে প্ৰসংশাৰে উপচায় দিছে।

Your Comments