শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
সমগ্র দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো যোৱা ৫ জুনত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।দিৱস উপলক্ষে যোৱা ৫ জুনত জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে উপস্থিত সকলোকে বন সংৰক্ষণক দৈনন্দিন অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনায়।প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰা আৰু প্লাষ্টিকৰ পুনৰব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে তেওঁ সকলোকে যথাসম্ভৱ ৰাজহুৱা যাতায়ত ব্যৱস্থা ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ কম কৰাত অৰিহণা যোগাবলৈ কয়।তেওঁ সম্প্ৰতি বৃদ্ধি পোৱা ই-আৱৰ্জনাৰ ভয়াৱহতাৰ বিষয়েও সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ পৰিৱেশ সংৰক্ষণৰ বাবে সেউজীয়া জীৱনশৈলী আকোঁৱালি লবলৈ আহ্বান জনায়।
সভাত সমল ব্যক্তি হিচাপে প্ৰকৃতি সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত আগৰণুৱা সামাজিক সংগঠন 'আৰণ্যক'ৰ মুখ্য কার্যবাহী বিষয়া ডঃ বিভৱ তালুকদাৰ, 'আৰণ্যক'ৰ হস্তী সংৰক্ষণ বিভাগৰ মুৰব্বী বিভূতি প্ৰসাদ লহকৰ আৰু বোম্বে নেচাৰেল হিষ্ট'ৰী ছ'চাইটিৰ জৈৱ বিজ্ঞানী ৰৌনাক ঘোষে পৰিৱেশ সংৰক্ষণৰ বিভিন্ন দিশৰ লগতে মানুহ- জীৱ-জন্তুৰ সংঘৰ্ষ আৰু এই বছৰৰ আলোচ্য বিষয় 'বায়ু প্ৰদূষণ' সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
সভাত উপস্থিত থাকি শিৱসাগৰ বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডিঙে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক গছপুলি ৰোপনৰ লগতে চেল্ফি উঠাই ছ'চিয়েল মিডিয়াত আপলোড কৰি 'চেল্ফি উইথ চেপলিং' অভিযানত অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই পৰিচালনা কৰা সভাখনত ৰাইজ আৰু প্ৰশাসনৰ পাৰস্পৰিক সহযোগিতা আৰু উমৈহতীয়া নিৰন্তৰ প্ৰচেষ্টাৰ দ্বাৰাই পৰিৱেশ সংৰক্ষণ প্ৰকৃতাৰ্থত সম্ভৱপৰ হৈ উঠিব বুলি উল্লেখ কৰে।
সভাত ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বিশিষ্ট লেখক মনোজ বৰঠাকুৰ আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ উৎপল দত্তই পৰিৱেশ সংৰক্ষণ বিষয়ক তত্বগধূৰ বক্তব্য প্ৰদান কৰে।
বিশ্ব পৰিৱেশ দিৱস পালনৰ অংশ হিচাপে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে
এই বছৰৰ আলোচ্য বিষয় 'বায়ু প্ৰদূষণ' সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে। তদুপৰি,মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা আহোম ৰাজত্বৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ ঘটা বিভিন্ন ঐতিহাসিক, সামাজিক, ৰাজনৈতিক আৰু সংস্কৃতিক ঘটনা-পৰিঘটনা আৰু জিলাখনৰ বিভিন্ন ধৰ্মালম্বী লোকসকলৰ মাজত বৰ্তি থকা সাতামপুৰুষীয়া সদ্ভাৱ আৰু সম্প্ৰীতিৰ নিদৰ্শন প্ৰতিফলিত হোৱাকৈ কৰা দেৱাল অংকন উন্মোচন কৰে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে। উপায়ুক্তগৰাকীয়ে ছাত্র-ছাত্ৰীসকলে গ্ৰহণ কৰা এনে অভিনৱ পদক্ষেপ আৰু তেওঁলোকৰ প্ৰতিভাৰ ভূয়সী প্ৰসংশা কৰে৷
সভাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৱা ৩ জুনত শিৱসাগৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত তিনিটা শাখাত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।
সভাত জিলা প্ৰশাসনৰ লগতে বিভিন্ন চৰকাৰী বিষয়ববীয়াসকলৰ লগতে স্থানীয় ভালেকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
- Log in to post comments
- 19 views