কৰিমগঞ্জৰ ৰাজপথত ৰিক্সাত পাম্প দিয়া বিধায়কগৰাকী কোন?

mla

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

 

ব্যতিক্ৰমী ৰূপত শিলচৰৰ ৰাজপথত দেখা গ'ল বিধায়ক কমলাক্ষ দে' পুৰকায়স্থক।কৰিমগঞ্জৰ ৰাজপথত এজন বৃদ্ধ ৰিক্সাচালকক সহায় কৰি জনদৰদী মানসিকতাৰ প্ৰমাণ দাঙি ধৰিলে বিধায়কগৰাকীয়ে।

 

আজি দিনৰ ভাগত কৰিমগঞ্জ চহৰৰ ৰাজপথলৈ ওলাই আহোঁতে বিধায়ক পুৰকায়স্থই প্ৰত্যক্ষ কৰে এজন বৃদ্ধৰ ৰিক্সাৰ চকাত বতাহ নাই।বৃদ্ধজনে  ৰিক্সাত হাৱা দিবলৈ অসমৰ্থ হৈ অসহায় অৱস্থাত ৰৈ আছে।সেই দৃশ্য প্ৰত্যক্ষ কৰি বিধায়কগৰাকীয়ে নিজেই পাম্প মাৰি চকাত  হাৱা ভৰাই ৰিক্সাখন চলাচলৰ উপযোগী কৰে দিয়ে।

Your Comments