শিৱসাগৰত ঈদ উপলক্ষে পথাচাৰীক বিভিন্ন খাদ্যৰে আপ্যায়ন

sibsagar

শিৱসাগৰত ঈদ পালন

শিৱসাগৰঃ ৫ জুনঃ সমগ্ৰ বিশ্বৰ লগতে বুধবাৰে শিৱসাগৰতো পবিত্ৰ ঈদ পালন কৰা হয়। ইছলাম ধৰ্মালম্বী লোকসকলে  সম্পূৰ্ণ এক মাহ ৰোজা ৰখাৰ অন্তত ঈদ ঊল ফিটাৰ পালন কৰে। সেইদিনা পুৱাই চহৰৰ বিভিন্ন স্থানত মচজিদে মচজিদে ঈদৰ নামাজ পঢ়া হয়। বিশ্ব শান্তিৰ বাবে,  ভাতৃত্ববোধ আৰু একতাৰ এনাজৰি ডাল সুদৃঢ় হবলৈ তথা সকলোৰে সু-স্বাস্থ্য কামনা কৰি এই নামাজ পঢ়া হয়। 

চহৰৰ কেন্দ্ৰীয় ঈদগাহ, ৰংপুৰ আঞ্চলিক ঈদগাহ, বাবুপট্টি পুৰণা ঈদগাহ, হাতীখোক পুৰণা ঈদগাহ, ষ্ট্যেচন চাৰিআলি জুম্মা মছজিদ, চেৰেকাপাৰ জুম্মা মছজিদ, জেঙনিকটীয়া জুম্মা মছজিদ, টেক্সি আলি জুম্মা মছজিদৰ লগতে আন আন মছজিদত পুৱা ৮ বজাত ঈদৰ নামাজ পঢ়ে শিশুৰ পৰা বয়োজেষ্ঠ্য ইছলাম ধৰ্মালম্বী লোকে।sib 

আনহাতে ঈদৰ নামাজৰ অন্তত জেঙনিকটীয়া যুৱ জামাতে নামাজ আদায় কৰা লোকক তথা আন আন পথাচাৰিক বিভিন্ন ধৰণৰ খাদ্যৰে অপ্যায়ণ কৰে।  ইফালে ঈদৰ নামাজৰ আগতে চহৰৰ ন' ঠাইত  ৰংপুৰৰ ৰেঙনি নামৰ এখন কিতাপ উন্মোচন কৰে। 

ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ মছজিদ সমুহ আতকধুনীয়াকৈ সজাই পৰাই তুলিছে। বিভিন্ন আলোক সজ্জাৰে উজলি উঠিছে মছজিদ সমুহ। চহৰৰ সমীপৰ নামতি চাৰিআলিত ঈদৰ উপলক্ষে আজানপীৰ দৰগাহৰ আৰ্হিত তোৰণ নিৰ্মাণ কৰিছে।sib2

পবিত্ৰ ঈদ আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন ৰেচকিউৱে জেঙনিকটীয়া ঈদৰ নামাজত অংশ লোৱা ব্যক্তিসকলক একোটাকৈ গছপুলি প্ৰদান কৰে।

Your Comments