শিৱসাগৰঃ
সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ শীৰ্ষ নেতা ৰূপান্তৰ কাকতি ওৰফে ৰূপান্তৰ অসমৰ কালি মৃত্যু হোৱা বুলি আলফাৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে। জানিব পৰা মতে আলফাৰ ম্যানমাৰৰ কেম্পত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক আলফাৰ তৰফৰ পৰা জানিবলৈ দিয়ে। আলফাৰ বহুকেইটা সফল অভিযানৰ নেতৃত্ব বহন কৰা শীৰ্ষ আলফা নেতাগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী তথা আলফা নেত্ৰী মাজনী দাস আৰু এগৰাকী পাঁচ বছৰীয়া কন্যাক এৰি থৈ যায়।
শিৱসাগৰ চহৰৰ কাথপাৰ গাঁৱৰ নিবাসী প্ৰয়াত হেমচন্দ্ৰ বৰুৱা আৰু শাওনি বৰুৱাৰ কনিষ্ঠ পুত্ৰ দিগন্ত বৰুৱাৰ জন্ম হৈছিল ১৯৭০ চনত। বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৭ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল দিগন্ত বৰুৱা ওৰফে ৰূপান্তৰ কাকতিয়ে। তাৰ পাছতেই বৰহাটৰ পশু চিকিৎসালয়ত কিছুদিন অস্থায়ী ভাৱে কাম কৰিছিল কাকতিয়ে। কিন্তু ১৯৮৯ চনত হঠাতে ৰূপান্তৰ কাকতিয়ে আলফাত যোগদান কৰিছিল। ১৯৯০ চনত ঘৰ এৰি আলফালৈ গুচি যোৱাৰ পিছৰে পৰা ৰূপান্তৰ কাকতিয়ে বিগত ২৯ বছৰ ধৰি পৰিয়ালৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল বুলি আলফা নেতা গৰাকীৰ জ্যেষ্ঠ ভাতৃ গুণজানন বৰুৱাই জানিবলৈ দিয়ে।
- Log in to post comments
- 30 views