হাজোৰ পৰা কমলাকান্ত দাস
কামৰূপ জিলাৰ হাজোৰ ওৰগাল বাউসীত আজি দুপৰীয়া নিয়ন্ত্ৰণ হেৰুৱাই এখন মাৰুটি গাড়ী কলাজল নদীত সোমাই যায়।জানিব পৰা মতে মনাহকুছিৰ জিতু দাস নামৰ লোক জনৰ মাৰুটি গাড়ী খনৰ চালক ৰহিম আলীৰ পুত্ৰ বুলবুল হুছেইন নামৰ যুবক জনে ঈদৰ বাবে ফুৰিবলৈ বুলি জিতু দাসৰ পৰা এছ ০১ এ ওবাই৭৩৮১নম্বৰৰ মাৰুটি গাড়ীখন লৈ যায়। চেচামূখ চাংসাৰী পথেৰে বুলবুল হুছেইনে অইন এজন লগৰীয়াৰ সৈতে গাড়ীখনেৰে আহি থকা অৱস্থাত তলিয়া চকত এটি ছাগলী খুন্দিয়াই আৰু ভয়ত আতংকিত হৈ যুৱকজানে তীব্ৰ বেগেৰে গাড়ীখন চলাই নিয়ে।
কিছু দূৰ তীব্ৰ বেগেৰে আগবাঢ়ি যোৱাৰ পিছত ওৰগাল বাউসীত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কলাজল নদীত সোমাই পৰে। তেনেতে গাড়ীখনত থকা লগৰীয়া লাতু আলী সহ চালক বুলবুল হুছেইন নদীত সোমাই পৰা গাড়ীখনৰ পৰা কেনেবাকৈ গাড়ীখনৰ খিৰিকীৰে ওলাই আহিবলৈ সক্ষম হয়। পিছত ঘটনাটো জানিব পাৰি হাজো থানাৰ আৰক্ষী,অগ্নি নিৰ্বাপক বাহিনী আৰু এছ ডি আৰ এফে নদীৰ বুকুৰ পৰা গাড়ীখন উদ্ধাৰ কৰি হাজো থানালৈ আনে।
- Log in to post comments
- 59 views