কলাইগাঁৱত বিশ্ব পৰিবেশ দিৱস পালন চি আৰ এছ ডিটি আৰু আছুৰ

rijul

ওদালগুৰিৰ পৰা ৰিজুল হক  :

 সমগ্ৰ বিশ্বৰ লগতে কলাইগাঁৱটো শ্বহীদ ভৱন প্ৰাংগণত স্বেচ্ছাসেৱী অনুষ্ঠান চি আৰ এছ ডি টি আৰু কলাইগাঁও আঞ্চলিক ছাত্র সন্থাই যুটীয়াভাৱে বিশ্ব পৰিবেশ দিৱস পালন কৰে। এই উপলক্ষে পুৱা শ্বহীদ ভৱনত অৱস্থিত শ্বহীদ বেদীত অসমৰ জাতীয় জীৱনৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰাৰ পিছতেই ছাত্র- ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত গাৰ্গী অলিমনে প্ৰথম, নিশিতা বাৰ্বী চহৰীয়াই দ্বিতীয়, শিল্পীশিখা নাথে তৃতীয় আৰু জ্যোতিমান চহৰীয়াই নিচুকনি বঁটা লাভ কৰিবলৈ সক্ষম হয়। rijul

ইপিনে চি আৰ এছ ডিটিৰ সম্পাদক ভাৰ্গৱ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত বঁটা বিতৰণী তথা সজাগতা সভাত কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা মৃম্ময় হাজৰিকা, সভাপতি ৰঞ্জিত নাথ, সাধাৰণ সম্পাদক মাধুৰ্য্য শৰ্মা, ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰকৃতিপ্ৰেমী নৱজ্যোতি বৰুৱা, কেন্দুকলাই সাহিত্য সমাজৰ সহকাৰী সম্পাদক হীৰেন কুমাৰ নাথ, কলাইগাঁও প্ৰেছ ক্লাৱৰ সভাপতি টংকেশ্বৰ বৰুৱা ,বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ: প্ৰধান শিক্ষক জুৰন ডেকা,চি আৰ এছ ডিটিৰ উপ সভাপতি গৌৰৱ জ্যোতি হাজৰিকা, পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ বিভাগৰ প্ৰধান নয়নজ্যোতি ডেকা, সদস্য ৰাহুল ডেকা আৰু মদন শৰ্মাই অংশগ্ৰহণ কৰে।rijul4

তেওঁলোকে সাম্প্ৰতিক গোলকীয় উষ্ণতা আৰু জনবিষ্ফোৰণৰ পৰিপ্ৰেক্ষিতত বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য তথা প্ৰাসংগিকতা সন্দৰ্ভত আলোকপাত কৰে। উল্লখ্য যে দিৱসটি উপলক্ষে শ্বহীদ ভৱন বাকৰিত নৱজ্যোতি বৰুৱা, জুৰন ডেকা, হীৰেন কুমাৰ নাথ আৰু টংকেশ্বৰ বৰুৱাই গছপুলি ৰোপণ কৰে।

Your Comments