বঙাইগাঁওঃ ৫ জুনঃ
সমগ্ৰ দেশৰ লগতে আজি বঙাইগাঁও জিলাতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ এই উপলক্ষে বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু বঙাইগাঁও আই-উপত্যকা বন সংমণ্ডলৰ যৌথ উদ্যোগত জিলাখনৰ অন্তৰ্গত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ লগতে লাগি থকা কাকৈজানা নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ লুঙাই পাহাৰত অৱস্থান গ্ৰহণ কৰা বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ সোণালী বান্দৰবোৰে খাদ্যৰ অভাৱত খাদ্য বিচাৰি যেনিয়ে তেনিয়ে বিচৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনৰেগা আঁচনিৰ জৰিয়তে বান্দৰবোৰৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ লগতে আশ্ৰয়ৰ বাবে ১০,৫৭৫ জোপা বিভিন্ন গছ পুলি যেনে শিলিখা, ভোমোৰা , বকুল আদি প্ৰজাতিৰ গছ পুলি ৰোপণ আৰু তাৰ ৰক্ষণা-বেক্ষণৰ বাবে দীঘলকৈ বেৰ দিয়াৰ বাবে এক আঁচনি প্ৰস্তুত কৰি তাৰে শুভাৰাম্ভ স্বৰূপে আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে উক্ত স্থানত উপস্থিত হৈ গছ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে।
সংৰক্ষিত বনাঞ্চলখনৰ চাৰি হেক্টৰ অঞ্চলক সামৰি এমজিএনৰেগা আঁচনিৰ দ্বাৰা ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ বাবদ ২৭,২৪,২০৩ টকা খৰচ হ'ব৷ গছ পুলি ৰোপণ কাৰ্যসূচীৰ পিছতে কণ কণ শিশু আৰু কিশোৰ -কিশোৰীসকলৰ মাজত থিতাতে ছবিঅঁকা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সেইদৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি স্থানীয় লোকসকললৈ এখন সভাও অনুষ্ঠিত হয়। সভাত উপায়ুক্ত আদিল খানে উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ লগতে পাহাৰ আৰু বৃহত্তৰ অঞ্চলটোত বসবাস কৰা তথা বিচৰণ কৰা সোণালী বান্দৰবোৰৰ ৰক্ষণা-বেক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব কেৱল বন বিভাগৰে নহয়, বৰং সকলোৰে দায়িত্ব আছে বুলি কৈ বিশ্বৰ এই দুস্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ দায়িত্ব জনসাধাৰণকো সমানে মূৰ পাতি লবলৈ অনুৰোধ জনায়। উল্লেখ্য যে সোণালী বান্দৰবোৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ বাবে খাদ্য বিচাৰি কেতিয়াবা কেতিয়াবা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ওচৰৰ পাহাৰলৈ ঢাপলি মেলে।
এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে কেতিয়াব দ্ৰুত বেগী যান-বাহনৰ সন্মুখত পৰি দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে। সেয়ে অদূৰ ভৱিষ্যতে যাতে খাদ্যৰ অভাৱৰ বাবে বান্দৰবোৰে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি আন পাহাৰলৈ যাব লগীয়া নহয় তাৰ বাবে বান্দৰবোৰে খাদ্য হিচাপে গ্ৰহণ কৰা গছ পুলি ৰোপণৰ এই আঁচনি গ্ৰহণ কৰিছে৷ লগতে বান্দৰবোৰৰ সুৰক্ষাৰ দিশটোলৈ গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমৰ সময়ত দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে ঠাইয়ে ঠাইয়ে তথা সোনালী বান্দৰৰ বিচৰণ এলেকাত সাৱধান বাণী লিখা থকা কিছু ফলক আঁৰি দিয়া হৈছে।
এই ফলকসমূহ দেখা মাত্রকে যান-বাহন চালকসকলক উক্ত স্থানত যান-বাহনৰ গতিবেগ কমাই যাবৰ বাবে সকলোকে অনুৰোধ জনাই সকলোকে সোণালী বান্দৰক ৰক্ষণা-বেক্ষণ দিয়াৰ ক্ষেত্রত আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। এই সভাত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, সহকাৰী আয়ুক্ত তন্ময় ঘোষ,বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ বন বিষয়া এ এচ আৰিফৰ লগতে বন বিভাগ,গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰী ,যৌথ বন পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় লোক উপস্থিত থাকে ।
- Log in to post comments
- 66 views