বঙাইগাঁওঃ ৫ জুনঃ
ইছলামীয় মাহ ৰমজানৰ ৰোজাৰ অন্তত বুধবাৰে সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে বঙাইগাঁও চহৰতো ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হয়। এমাহজোৰা ৰমজানৰ ৰোজাৰ অন্তত প্ৰেম আৰু ভাতৃত্ববোধৰ বাণী বিয়পাই বুধবাৰে পালন কৰা হয় ঈদ। বঙাইগাঁও ঈদগাহ ময়দানত পুৱা ৯ বজাত ইদুল ফিতৰৰ নামাজ আদায় কৰা হয়। বঙাইগাঁৱত ঈদুল ফিতৰৰ নামাজৰ ইমামতি কৰে মৌলানা হাছান আলীয়ে। চহৰখনৰ প্ৰায় ১০ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াকৈ ঈদৰ নামাজত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। নামাজৰ অন্তত ধৰ্মীয়গুৰু মৌলানা হাছান আলীয়ে খুতবা পাঠত ফিৎৰা আৰু জাকাত আদায়ৰ জৰিয়তে ধনী-দুখীয়া সকলোৱে সমভাৱে ঈদ উদযাপন কৰা সম্পৰ্কত ব্যাখ্যা কৰে। লগতে ইমাম মৌলানা আলীয়ে অসম তথা ভাৰতবৰ্ষৰ একাধিক জাতি জনগোষ্ঠীৰ মাজত সমন্বয়-ভাতৃত্ববোধ স্থাপনৰ উপৰি বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে। উল্লেখ্য যে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানেও এই সমূহীয়া নামাজত অংশ লয় ৷
- Log in to post comments
- 4 views