অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাংবাদিক জিতেন্দ্ৰ নাথ বৰুৱাৰ মৃত্যু

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :
চৰাইদেউ জিলাৰ অন্যতম শিক্ষানুষ্ঠান সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰ নাথ বৰুৱা(৮২)ৰ আজি পুৱা৭-১০বজাত নিজা বাসভৱনত মৃত্যু হয়। তেওঁৰ মৃত্যুত জিলাখনৰ সাপেখাতী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। ১৯৩৮ চনত সাপেখাতী বাৰেগাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত ব্যক্তিগৰাকীয়ে জয়সাগৰ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৰহাট জে বি কলেজৰ পৰা বি টি ডিগ্ৰী লাভ কৰে।

তেওঁ১৯৬১ চনত সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। একেখন বিদ্যালয়তে ৩৭ বছৰ শিক্ষকতা কৰি১৯৯৮ চনত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ শিক্ষকৰ উপৰিও নাট্যকাৰ, সাংবাদিক, ক্ৰীড়া সংগঠক,প্ৰবীন ৰাজনীতি নেতা, প্ৰৱন্ধকাৰ,সমাজসেৱকৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।২০০৯ চনত তেওঁ অগপ,বিজেপি, আমৰ্কাৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে সাপেখাতী জিলা পৰিষদ সদস্য ৰূপেও নিৰ্বাচিত হৈছিল। লগতে তেওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্যও আছিল।

কৃতি শিক্ষক গৰাকীৰ মৃত্যুত অগপ,বিজেপি, সাপেখাতী অঞ্চলৰ বিদ্যালয় সমূহ, আছু,এজেৱাইচিপি,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,বীৰ লাচিত সেনা, সাপেখাতী ক্ৰীড়া সন্থা, সাপেখাতী প্ৰেছ ক্লাব আদিকে ধৰি বহু সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।প্ৰয়াত বৰুৱাই মৃত্যুৰ সময়ত দুজন পুত্ৰ, দুগৰাকী জী,বোৱাৰী, নাতি নাতিনী লগতে বহু গুণমুগ্ধ লোকক ইহ সংসাৰত এৰি যায়।

Your Comments