আমগুৰিৰ ৰাজপথত লক্ষাধিক পৰিমাণৰ কাঠ উদ্ধাৰ, দুদিনৰ পাছতো নোলাল গৰাকী

truck

নদীত মাছ নহয় ৰাজপথত কাঠৰ উজান । যোৱা ৮ আগষ্টত আমগুৰি আৰক্ষীয়ে  আমগুৰি পাৱাৰ প্ৰজেক্ট-ধোদৰ আলি সংযোগী পথৰ সন্মুখত পথৰ  কাষৰ খাৱৈত সোমাই থকা  এ এছ-০৪ এ চি-৬১৫৮ নম্বৰৰ  মূল্যৱান কাঠভৰ্তি ২০৭ মালবাহী গাড়ীখন উদ্ধাৰ কৰে । লক্ষণীয়ভাৱে উদ্ধাৰ কৰাৰ দুদিন উকলি যোৱাৰ পাছতো গাড়ীখন আৰু কাঠৰ গৰাকী নোলাল ।

truck

আমগুৰি আৰক্ষীয়ে জব্দ কৰা গাড়ীৰ  মূল্যৱান কাঠসমুহ কোনো দুষ্ট চক্ৰই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰিছিল বুলি আৰক্ষীৰ সন্দেহ । প্ৰায় ডেৰ-দুই লক্ষাধিক টকা মূল্যৰ কাঠখিনিক লৈ এতিয়া বিপাঙত পৰিছে আমগুৰি আৰক্ষী । গৰাকীবিহীন কাঠসমুহৰ দায়িত্ব আমগুৰি বন বিভাগে লব লাগিছিল যদিও বাতৰি যুগুত কৰা সময়লৈকে বন বিভাগে কোনো ব্যৱস্থা লোৱা দেখা নগ'ল ।

একাংশ দল-সংগঠনৰ আভিযোগ অনুসৰি আমগুৰি বন বিভাগৰ ছত্ৰছায়াতে এটা দুষ্ট চক্ৰই  আজি বহু দিন ধৰি আমগুৰিৰ ৬১নং ৰাষ্টীয় ঘাইপথৰ  লগতে ধোদৰ আলিয়েদি চোৰাং কাঠৰ ব্যৱসায় চলাই আছে । আমগুৰি আৰক্ষী তথা বন বিভাগে উপযুক্ত তদন্ত কৰিলে চোৰাং কাঠৰ এক বৃহৎ চক্ৰ জালত পৰাৰ সম্ভাৱনা আছে ।

Your Comments