গহপুৰৰ পৰা পৰাশ শইকীয়া
সমগ্ৰ বিশ্বতে আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়।একেদৰে গহপুৰ মহকুমাৰ ডুবিয়াত কেন্দ্ৰীয় ভিত্তিত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ কৰা হয় বুল শইকীয়া,জিতু বৰা,পংকজ বৰা,মেদিনী গগৈ,ভৱেন শইকীয়া, ৰূপম বৰাৰ নেতৃত্বত । ৮ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ঘন শইকীয়াই।পুৱা ৯ বজাত বৃক্ষৰোপণ কৰে খণ্ড বন বিষয়া বাবুল মিলিয়ে।পুৱা ১০ বজাত নৱনিৰ্মিত ডুবিয়া ৰঙ্গমঞ্চ উদ্বোধন কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই।উদ্ধোধনী ভাষণত বৰাই বিগত দিনত ডুবিয়াৰ সকলো দিশত উন্নয়নৰ বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে বিশ্ব পৰিৱেশ দিৱস সন্দৰ্ভতো।গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ।তাৰ পাছতেই উদযাপন সমিতিয়ে স্থানীয় ৰাইজক ১০০০টাৰো।অধিক গছপুলি বিতৰণ কৰে। উক্ত অনুষ্ঠানটো পৰিচালনা কৰে দিব্যজ্যোতি শৰ্মাই ।
দিনৰ ১১ বজাত সভাপতিৰ অভিভাষন প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি ঘন শইকীয়াই । দিনৰ ১২ বজাত সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।উক্ত অনুষ্ঠানটো উদ্ধোধন কৰে যজ্ঞেশ্বৰ গগৈয়ে আৰু সঞ্চালনা কৰে ফুলকুমাৰী বৰাই । উক্ত অনুষ্ঠানৰ লগত সংহতি ৰাখি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডুবিয়ালৈ প্ৰথম বিভাগৰ লগতে বিভিন্ন বিষয়ত লেটাৰসহ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰ/ছাত্ৰীসকলক ফুলাম গামোচা আৰু অভিনন্দনপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানটো পৰিচালনা কৰে সাহিত্য বিভাগৰ সভাপতি তপন দত্ত আৰু পৰাশ শইকীয়া,দুলাল শইকীয়াই।
উল্লেখযোগ্য যে বিয়লি ৩ বজাত 'আমাৰ বনানী'ৰ তত্বাৱধানত গছ বিহু পালন কৰা হয় । পৰিচালনা কৰে উদযাপন সমিতিৰ সম্পাদকদ্বয় পংকজ গগৈ আৰু ললিত বৰাই । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লাৱন্য চাৰিঙ্গীয়া,নিগ্ধা গোস্বামী, সোনাৰাম টেৰন,বাপুকন বৰা,বনমালী শইকীয়া,যগেশ্বৰ গগৈ, তৃষ্ণ বৰাকে আদি কৰি ডুবিয়াবাসী ৰাইজে। সন্ধিয়া ৬.৩০ বজাত বন্তি প্ৰজ্বলন কৰে স্থানীয় সমাজ সেৱক কুমুদ বৰাই।৭ বজাত মঞ্চ উদ্ধোধন কৰে বিশিষ্ট সমাজ কৰ্ম্মী নোমল বৰুৱাই । লগতে নিশাৰ ভাগলৈ স্থানীয় শিল্পীসকলে 'শকুনীৰ প্ৰতিশোধ' নাট পৰিৱেশন কৰে ।
- Log in to post comments
- 12 views