কাছাৰত ভয়াৱহ পথ দুর্ঘটনাত এনআৰচি কর্মীৰ মৃত্যু

silsar

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
দিগৰখাল ভূমি সংৰক্ষণ এনআৰচি সেৱা কেন্দ্রৰ এগৰাকী কর্মীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়।কেন্দ্ৰটোৰ কৰ্মী জিয়াউল হক বৰভূঞা(জিয়া)ই এনআৰচি কৰ্তব্য সামৰি কৰচুৰা পেট্রল পাম্প অভিমুখে ৰাওনা হৈছিল। কিন্তু পাম্পৰ ওচৰতেই জোৱাই-বদৰপুৰ ৰাষ্ট্রীয় ঘাইপথৰ কৰচুৰাত তীব্রবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় বৰভূঞা।ঘটনাটো সংঘটিত হয় মঙলবাৰে সন্ধিয়া। বৰভূঞাৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে তেওঁৰ জন্মগাওঁ লেভাৰপুতাকে ধৰি পৰিচিত মহলত।

Your Comments