জন্মগাঁৱত সাংসদ দিলীপ শইকীয়াক বিপুল সম্বৰ্ধনা

dilip saikia

 বাহাৰঘাটৰ পৰা  নৰেন শৰ্মা


 'ৰাইজৰ সহযোগত সকলো পৰ্যায়তে  উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰিম৷ আপোনালোকে মোক হিয়া উজাৰি আশীৰ্বাদ দিলে৷আপোনালোকৰ বাবে মই পূৰ্বৰ তুলনাত বিশাল ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছোঁ৷তাৰ বাবে আজি আপোনালোকে দিয়া সম্বৰ্ধনা সমষ্টিবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰিলো৷'এই বক্তব্য মঙলদৈ সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াৰ৷


বুধবাৰে সাংসদগৰাকীৰ জন্মগাঁও পূৰ্ণকামদেৱ(মোমাইতোলা)ত গাওঁ উন্নয়ন সমিতি আৰু বিজেপি দেহাৰকুছি গাওঁ পঞ্চায়তৰ দলীয় কাৰ্যকৰ্তাৰ যুটীয়া আহ্বানত পূৰ্ণকামদেৱ সভাগৃহত আয়োজিত সম্বৰ্ধনা সভাত সাংসদগৰাকীয়ে এইদৰে কয়৷গাওঁখনৰ জ্যেষ্ঠ ব্যক্তি তথা অগপ নেতা তৰুণ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ দি তেওঁ আজি পৱিত্ৰ ঈদ-উল-ফিতৰৰ বাবে ইছলাম ধৰ্মীলোকসকলক শুভেচ্ছা জনাই কয় যে সমষ্টিৰ চুকে- কোণে সিঁচৰিত হৈ থকা প্ৰতিটো সমস্যাই একেলগে সমাধান কৰা অসম্ভৱ।কিন্তু ৰাইজ তথা সকলো জনপ্ৰতিনিধিৰ সহযোগত পৰ্যায়ক্ৰমে সমাধান কৰাত বাধা আহিব নোৱাৰে৷


 সভাত অংশগ্ৰহণ কৰি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই কয় যে আমাৰ ডিঙিত যিমানেই গামোচা আহিব, আমাৰ দায়িত্ব সিমানেই বাঢ়িব৷সভাত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,ঘগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ সদস্য পংকজ ডেকা,নলবাৰী জিলা গ্ৰামীণ জীৱিকা অভিকৰনৰ প্ৰকল্প বিষয়া চন্দন তালুকদাৰ,বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মধুৰাম ডেকা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা,জিলা কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা,দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক সদস্য ফনীনাথ লহকৰ,মিত্ৰ গোষ্ঠী অগপৰ কৰ্মকৰ্তা আদিকে ধৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।


সভাত সাংসদগৰাকীক পূৰ্ণকামদেৱ গাওঁ উন্নয়ন সমিতি,গাওঁখনৰ সকলোবোৰ অনুষ্ঠান,বিজেপি দেহাৰকুছি পঞ্চায়ত সমিতি,অগপ দেহাৰকুছি আঞ্চলিক সমিতি,পশ্চিম বড়িগোগ দুৰ্গাপূজা মণ্ডপ,বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতন,নালন্দা পাব্লিক স্কুল,বৰখালা শিৱ মন্দিৰ পৰিচালনা সমিতি,লৰমা বটাকুছি মছজিদ সমিতি,চতমা মছজিদ সমিতি,চতমা বাসন্তী মন্দিৰ,বহুতো আত্মসহায়ক গোট,বৈল্লাপে’ৰা গোষ্ঠী,লহকৰপাৰা জনশিক্ষা পুথিভঁৰাল,বৰ দৌল,সৰুদৌল,বৰভাগ ইউনাইটেড স্প'ৰ্ষ্টছ ক্লাব,শংকৰ-মাধৱ কীৰ্তন ঘৰ,লৰমা কালী মন্দিৰ,আদি কৰি অৰ্ধ শতাধিক দল-সংগঠন আৰু শতাধিক লোকে ব্যক্তিগতভাৱে সম্বৰ্দ্ধনা জনায়৷সভাত আদৰণি ভাষন দিয়ে সমাজসেৱক অনিল শইকীয়াই ।আঁত ধৰে বিজেপি কৰ্মী দ্বীজেন লহকৰে৷ইয়াৰ মাজতে সাংসদগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলিও ৰোপণ কৰে৷

Your Comments