অসমৰ কোন বনাঞ্চলত গাঁওবাসীয়ে এদিনতে ৰুলে পাছ হেজাৰ গছ, জানিবলৈ ক্লিক কৰক....

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :
আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউ জিলাৰ সোণাৰিৰ চলা সংৰক্ষিত বনাঞ্চলত স্থানীয় চলাপথাৰ শ্যাম গাঁওবাসী ৰাইজৰ উদ্যোগত আৰু বিভিন্ন স্কুল কলেজৰ ছাত্র ছাত্ৰীৰ সহযোগত একেলগে পাঁচ হাজাৰ বৃক্ষ ৰোপন কৰি পৰিবেশ সজাগতাৰ ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হয়।s2

চলা বনাঞ্চলৰ প্ৰতি অহা চৰম ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় গাঁওবাসীয়ে নিজৰ প্ৰচেষ্টাতে এই কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে চৰাইদেউৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰে।s3

উল্লেখ্য যে চলা সংৰক্ষিত বনাঞ্চল বিভিন্ন সময়ত বেদখল আৰু বনাঞ্চল ধ্বংস অব্যাহত থকা অৱস্থাত ইয়াৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনত চৰকাৰ তথা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় গাঁওবাসীয়ে নিজা প্ৰচেষ্টাতে এই উল্লেখনীয় কাৰ্যসূচী ৰূপায়ণ কৰে।s5

চলা সংৰক্ষিত বনাঞ্চললৈ  অহা চৰম ভাবুকিৰ প্ৰতি গাঁওবাসীৰে লোৱা এই মহৎ প্ৰদক্ষেপক সকলোৱে আদৰণি জনাইছে।

Your Comments