অ'পেন ড'ৰ উদ্যোগত কলিয়াবৰত বিশ্ব পৰিৱেশ দিৱস পালন

kaliyabar

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰৰ প্রতিবেদন:

কলিয়াবৰৰ অগ্ৰণী স্বেচ্ছাসেৱী আৰু সমাজ কল্যাণকামী সংস্থা অ'পেন ড'ৰ অসমৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱসটি ব্যতিক্ৰম ধৰণে পালন কৰা হয়। "সকলোৱে এটিকৈ হ'লেও ৰোপন কৰক গছৰ পুলি"- এই আহ্বানৰে ৰাইজৰ মাজত গছ পুলি বিতৰণৰ লগতে গছ পুলি ৰোপনৰ এলানি কাৰ্যসূচী ৰূপায়ন কৰে সেচ্ছাসেৱী সংস্থাটোৱে।kb

পুৱা কলিয়াবৰৰ মিছা ভূঞাপট্টিত এই কাৰ্যসূচীৰ পাতনি মেলি বিভিন্ন অঞ্চলৰ মাজেৰে এক সজাগতামূলত ৰেলী উলিয়ায় সংস্থাটোৱে। মিছা অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী কৃষ্ণকান্ত ৰায়ে বৃক্ষ ৰোপনৰে কাৰ্যসূচীৰ পাতনি মেলে। মিছা, হালোৱাগাঁও, পানীগাঁও, নামগাঁও, বৰভগীয়াকে ধৰি গাঁৱে-গাঁৱে সজাগতা অনুষ্ঠান কৰি বিভিন্ন ৰাজহুৱা স্থানত গছ পুলি ৰোপন কৰাৰ লগতে ৰাইজক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আহ্বান জনায় অ'পেন ড'ৰ অসমৰ সদস্যসকলে। উল্লেখ্য যে, মিছাৰ পৰা জখলাবন্ধাৰ ৰাঙলুলৈ বিভিন্ন স্থানত স্থানীয় ৰাইজৰ সহযোগত পাঁচ শতাধিক বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰাইজৰ মাজত বিতৰণ আৰু ৰোপন কৰে অ'পেন ড'ৰ অসমৰ সদস্যসকলে।kb3
ইফালে কলিয়াবৰৰ জ্যোতিষ্মিতা কল্যান সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগাঁও সামাজিক বনানীকৰণ সংমণ্ডলৰ সহযোগতো দিনযোৰা কাৰ্যসূচীৰে পৰিবেশ দিৱস পালন কৰা হয়।

Your Comments