নৰেন শৰ্মা,বাহাৰঘাট,৫ জুন:
এমাহ জোৰা ৰোজাৰ অন্তত দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি ৰঙিয়া মহকুমাৰ চৌমুখা আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ ঊল ফিটৰৰ নামাজ অনুস্থিত হয়৷ পূৱা অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ইছলাম ধৰ্মী লোকৰ উপস্থিতিত অনুস্থিত হোৱা উক্ত নামাজত আমন্ত্ৰিত ইমাম হিচাবে উপস্থিত থাকে নলবাৰী লোহাৰ কাঠাৰ পীৰ এ কামিল হজৰত মৌলনা আলহাজ আলকাৰী শ্বেখ ৰফিকুদ্দিন কাছিমি৷ উল্লেখযোগ্য যে কামৰূপ আৰু নলবাৰী জিলাৰ চাৰি নৈ ক্ৰমে বৰলীয়া,নোনা,ঘগ্ৰা আৰু ঘোগাৰ সংগমস্থলী উক্ত পূণ্যস্থলীত বিগত ১৯৭৫ চনৰ পৰাই সমুহীয়া ভাবে নামাজ পঢ়ি আহিছে ইছলামধৰ্মী লোকসকলে ৷উক্ত অনুস্থানত কামৰূপ জিলাৰ ধুহি,১নং ধুহি,কঞা,গৰমচুং আদিৰ লগতে নলবাৰী জিলাৰ চতমা,লৰমা বটাকুছি,বৰখালা,ছমাৰকুছি আদি অঞ্চলৰ এক বৃহৎ সংখ্যক ইছলাম ধৰ্মী লোকে আজি সুদীৰ্ঘ দিনৰ পৰাই অংশগ্ৰহণ কৰি আহিছে৷ঈদগাহ কমিটিৰ সভাপতি আফতাৰ হুছেইন আৰু সম্পাদক চৈয়দ আলতাফ হুছেইনে কয় যে দিনক দিনে ইয়াৰ পৰিসৰ আৰু অধিক বৃদ্ধি হৈ গৈয়েই আছে৷
- Log in to post comments
- 23 views