গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ উদ্যোগত বিশাল সমদলেৰে বিশ্ব পৰিবেশ দিৱস উদযাপন

golaghat

 গোলাঘাট,৫ জুন :

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৰ উদ্যোগত গোলাঘাট জিলা ক্ৰীড়া সন্থা , মটৰ পৰিবহন সন্থা, ভক্স পপুলী, অসম চাইন্স চ'ছাইটি ,প্ৰটিটীৰ সহযোগত  গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বাকৰিত অনুষ্ঠিত হ'য় বিশ্ব পৰিবেশ দিৱস। সেই উপলক্ষে পুৱা গোলাঘাট ক্ৰীড়া সন্থাৰ প্ৰশিক্ষাৰ্থী  আৰু ছাইৰ প্ৰশিক্ষাৰ্থী সহকলৰ সহযোগত পৰিবেশ সচেতনতাৰ বাবে এক বিশাল সমদল বাহিৰ কৰা হ'য়। উক্ত সমদলটি শুভাৰম্ভ কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিংয়ে। অনুষ্ঠানটোত লগতে উপস্থিত থাকে গোলাঘাট জিলা পৰিবহন বিষয়া মনোজ চৌধুৰী, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়া, প্ৰবক্তা ড° নৃপেন বৰুৱা আৰু বিশিষ্ট বিজ্ঞানী ড° জয়দ্বীপ বৰুৱা আদি।

Your Comments