নৰেন শৰ্মা,বাহাৰঘাট :
পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী ডাকঘৰ চকৰ কৃতিৰাম প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অহা ২০ আৰু ২২ জুনত স্থানীয় উদ্যমী যুৱ চামৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দুদিনীয়াকৈ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ আয়োজন কৰিছে৷ইতিমধ্যে স্মৃতি দিৱস উদযাপনৰ বাবে অৱনীকান্ত লহকৰক সভাপতি,অজয় শইকীয়াক উপসভাপতি,প্ৰদীপ কলিতাক কাৰ্য্যকৰী সভাপতি,ৰাকেশ শৰ্মাক সম্পাদক,ৰাজকুমাৰ গোস্বামী আৰু কংকন কলিতাক সহকাৰী সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰিছে৷তৃতীয় বছৰৰ বাবে আয়োজিত ৰাভা স্মৃতি দিৱসৰ কাৰ্য্যসূচীৰ ভিতৰত ২০ জুন পূৱা ন বজাত উদযাপন সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ পিছতে ৯-৩০ বজাত ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰিব বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন শালৈয়ে,দহ বজাত বৃক্ষ ৰোপন কৰিব কিৰ্তীৰাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন ডাউকাই,১০-৩০ বজাত স্বচ্ছ ভাৰতৰ দিশত এখোজৰ আঁত ধৰিব দৌল পুখুৰীপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল মোন্নিফে,সন্ধিয়া ছয় বজাত কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বালন৷
২২ জুন পূৱা ন বজাত সুকুমাৰ কলা প্ৰতিযোগিতা উদ্বোধন কৰিব বিজেপিৰ যুৱ নেতা প্ৰাঞ্জল ডেকাই,৯-৩০ বজাত মিউজিকেল চেয়াৰ প্ৰতিযোগিতা,দহ বজাত চিত্ৰাংকন প্ৰতিযোগিতা,১০-৩০ বজাত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা,১১-০০ বজাত কুইজ প্ৰতিযোগিতা,১১-৩০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা,আবেলি চাৰি বজাত বিষ্ণু ৰাভাৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাত আৰু বঁটাবিতৰণী সভা,বিশিষ্ট সমাজকৰ্মী শৰৎ চন্দ্ৰ কলিতাৰ সঞ্চালনাত অনুস্থিত হ'ব লগা সভাখনত প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক, তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপক শৰ্মা আৰু সাংবাদিক তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া ভূৱনেশ্বৰ লহকৰে আলোচক হিচাবে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া সাত বজাত বিশেষ সম্বৰ্দ্ধনা অনুস্থান ,উক্ত অনুস্থানত অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনাব,নিশা আঠ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব গ্ৰাম্য বিকাশ মঞ্চ (বৰবৰি)ৰ প্ৰকল্প প্ৰবন্ধক অৰুনজ্যোতি দাসে,সাংস্কৃতিক সন্ধিয়াত কেইবাজনো আমন্ত্ৰিত শিল্পীৰ লগতে স্থানীয় শিল্পীয়ে গীত মাত আৰু নৃত্য প্ৰদৰ্শন কৰিব৷
- Log in to post comments
- 32 views