হাজোৰ পৰা কমলাকান্ত দাস
অসম চৰকাৰে হাজোত নতুনকৈ এটি উন্নয়ন খণ্ড গঠনত অনুমোদন প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে হাজোবাসী। হাজোৰ শনিয়াদী, কলিতাকুছি, বৰ্ণী সত্যনাথ,কঞা, বাৰাংহাটী, বালিসত্ৰ, আৰু ধূহী গাও পঞ্চায়তক সামৰি গঠন হ'বলগীয়া এই নতুন উন্নয়ন খণ্ডটো গঠনৰ বাবে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই অসম চৰকাৰক আজি দীৰ্ঘ দিনৰ পৰাই অনুৰোধ জনাই আহিছিল। হাজোৰ সত্যনাথ পঞ্চায়তৰ মধ্যম দিহিনাত এই নতুন খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়টো স্থাপিত হ'ব বুলি জানিব পৰা গৈছে। বিধায়িকা সুমন হৰিপ্ৰিয়াৰ এই ফলপ্ৰসু প্ৰচেষ্টাক হাজোৰ বিজেপিৰ নেতা ৰমেশ কলিতাকে ধৰি দলটোৰ সকলোৱে বিধায়িকা গৰাকীক অভিনন্দন জনায়।
- Log in to post comments
- 46 views