নলবাৰীত কৃতী ছাত্ৰী কহুৱা দত্তক বিপুল সম্বৰ্ধনা

nalbari

নলবাৰী,৪ জুনঃ

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা শাখাত নলবাৰী জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃতী ছাত্ৰী কহুৱা দত্তক কাব্যালোচনী  গজালিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷৷ উল্লেখ্য যে, নলবাৰী জিলাৰ ফৰোৱাৰ্ড নিবাসী অসমৰ  বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ একমাত্ৰ কন্যা কহুৱাই মাত্ৰ ১ নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নহল ৷৷কহুৱাই নলবাৰী শংকৰদেৱ একাডেমীৰ পৰা  অসমীয়াত ৯৫,অৰ্থ বিজ্ঞানত ৯১,শিক্ষাত ৯৩, তৰ্ক বিজ্ঞানত ৯৭,ৰাজনীতি  বিজ্ঞানত ৮৪,আৰু ইংৰাজীত ৮৭, লাভ কৰি সৰ্বমুঠ ৪৬৩ নম্বৰৰে সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হয় ৷৷উল্লেখ্য যে কহুৱা দত্ত এগৰাকী ভাল সংগীত শিল্পী  হিচাবে ইতিমধ্যেই পৰিচিতি লাভ কৰিছে৷

Your Comments