লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
সোণাপুৰ হাটখলা নিবাসী আনিচুৰ ৰহমান(বিলাল আহমেদ) নামৰ ইটা আৰু কয়লা ব্যৱসায়ী হিচাপে পৰিচিত লোকজনে দুই পুত্ৰ সন্তান সহ নিজ পত্নীক অমানৱীয় অত্যাচাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে খোদ ৰহমানৰ পত্নীয়ে। আজি উদালি ৱেব মিডিয়া প্ৰেছ ক্লাৱত উপস্থিত হৈ ৰহমানৰ পত্নীয়ে অভিযোগ কৰি কয় যে তেওঁৰ স্বামী ৰহমানে একাধিক নাৰীৰ লগত সম্পৰ্ক ৰক্ষা কৰি অহাৰ লগতে শেহতীয়াভাবে নিজ ইটা ভাটাত কাম কৰা এগৰাকী যুৱতীৰ সৈতে তেওঁ দ্বিতীয় বিবাহত আবদ্ধ হৈছে আৰু ইয়াৰ পিছৰ পৰাই প্রথম পত্নীৰ ওপৰত আৰম্ভ হৈছে শাৰীৰিক আৰু মানসিক অত্যাচাৰ।
নিজ শ্বামীৰ পৰা অমানৱীয় অত্যাচাৰৰ বলি হৈ দুই সন্তানক লগত লৈয়ে আজি মহিলাগৰাকী উপস্থিত হয় উদালী ৱেব মেডিয়া প্রেছ ক্লাৱত।এতিয়া প্রশ্ন হয় লম্পট আনিচুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোণাপুৰ আৰক্ষীৰ সাহস হবনে।নে এনেদৰে অত্যাচাৰ কৰিও সাৰি যাব লম্পত আনিচুৰ। সততে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্যাতিতা মহিলাৰ হৈ মাত মাতি থকা বিভিন্ন দল-সংগঠন বোৰৰ চকুত পৰিবনে এই দুৰ্ভগীয়া মহিলা গৰাকী!
- Log in to post comments
- 15 views