বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
শেহতীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ১০৩৪ নম্বৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষয়িত্রী মমতা কুমাৰীৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।মমতা কুমাৰীৰ মৃত্যুৰ ঘটনাক লৈ মঙলবাৰে বিলাসীপাৰা গান্ধী চ'কত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন,কোচ- ৰাজবংশী ছাত্ৰ সন্থা আৰু বজৰংগ দলৰ সৌজন্যত এটা প্ৰতিবাদী সমদল উলিওৱা হয়। মমতা কুমাৰীৰ মৃত্যুৰ বাবে দায়ী দোষী ব্যক্তিক কৰায়ত্ত কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনোৱা হয় প্ৰতিবাদী সমদলটোত।
- Log in to post comments
- 11 views