বঙাইগাঁওঃ ৪ জুনঃ
বঙাইগাঁও চহৰৰ বিজ্ঞান শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বীৰঝৰা মহাবিদ্যালয়ত অহা ২৫ জুনৰ পৰা ২৭ জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে 'চাইবাৰ ছিকিউৰিটি, ক্ৰিপ্ট এনালাইছিছ এণ্ড ছিকিউৰিটি ফ'ৰ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ'(Cyber security, Crypt Analysis and Security for Physical Infrastructure) শীৰ্ষক বিষয়ৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব৷ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাখনত ৱেব এপ, ছ'চিয়েল নেটৱৰ্ক প্লেটফৰ্ম আৰু এইবোৰৰ অতি উন্নত ব্যবহাৰৰ নিৰাপত্তাৰ লগত সম্পৰ্ক থকা বিষয়সমূহৰ ওপৰত পৰ্যাপ্ত আলোচনা কৰা হ'ব। উল্লেখ্য যে সাম্প্ৰতিক সময়ৰ অতি প্ৰাসংগিক আৰু উন্নতমানৰ এই কৰ্মশালাখনত চি এছ আই আৰ (CSIR) ৰ বিজ্ঞানী, গুৱাহাটী আই আই টি(IIT,GHY), কলকাতা বিশ্ববিদ্যালয়, চি ডি এ চি( CDAC), কলকাতাৰ অধ্যাপক আৰু বিশিষ্ট আইনজ্ঞ ,অসম চৰকাৰৰ চাইবাৰ কোষৰ দায়িত্বশীল বিষয়া আদিয়ে সমল ব্যক্তি হিচাপে অংশ গ্রহণ কৰিব।
এই কৰ্মশালাখনত সকলো শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক আৰু ছাত্র-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। আনহাতে অনুসূচিত জনজাতিৰ অন্তর্ভুক্ত অংশগ্রহণকাৰীসকলে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ নিয়ম অনুসৰি মাছুল বিহীনভাৱে যোগদান কৰিব পাৰিব আৰু লগতে তেওঁলোকে অহা যোৱাৰ বাবদ খৰচ আদিও পাব। ইয়াৰোপৰি বাহিৰৰ পৰা আহি কৰ্মশালাত যোগদান কৰা আন অংশ গ্রহণকাৰীসকলেও অহা যোৱাৰ বাবদ খৰচ পাব। সেয়ে ইচ্ছুক ব্যক্তিসকলে অধিক তথ্যৰ বাবে ৮৮৭৬০-৭৮৪২৮ অথবা ৮৬৩৮৩-৬৪০৩০ ম'বাইল নম্বৰত যোগাযোগ কৰিব পৰিব৷ সেইদৰে বীৰঝৰা মহাবিদ্যালয়ৰ ৱেবছাইট www.birjhoramahavidyalaya.in চাব পাৰিব বুলি কৰ্মশালাখনৰ সমন্বয়ক সঞ্জীৱ বাগলাৰীয়ে জানিব দিছে।
- Log in to post comments
- 11 views