চেঙাৰ পৰা সুৰজিৎ পাঠকঃ ৪ জুন
ইছলাম ধৰ্মাৱলী লোক সকলৰ পবিত্ৰ ৰমজান মাহৰ আজি অন্তিমটো দিনত বৰক্ষেত্ৰীৰ ৰামপুৰত এক সমুহীয়া ইফটাৰ পাৰ্টিৰ আয়োজন কৰা হয় ৷ ৰামপুৰস্থিত মানৱজ্যোতি এইছ্ পি গেছ গ্ৰামীণ বিতৰক এজেঞ্চীৰ উদ্যোগত এজেঞ্চীৰ বাকৰিত এই সমুহীয়া ইফটাৰ পাৰ্টিটো অনুষ্ঠিত কৰে । উল্লেখ্য যে হিন্দু-মুছলামনৰ মিলনভুমি হিচাপে পৰিচিত ৰামপুৰত আজি মানৱজ্যোতি এইছ্ পি গেছ গ্ৰামীণ বিতৰক এজেঞ্চীৰ স্বত্তাধিকাৰী তৰণী দাসে এই ইফটাৰ পাৰ্টীৰ আয়োজনৰ সমগ্ৰ উদ্যোগ গ্ৰহণ কৰে ৷আজিৰ এই সমুহীয়া ইফটাৰ পাৰ্টীত পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ যুুৱ সমাজকৰ্মী দ্বাৰাজ আলী,পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতিৰ সভাপতি কামেজ আলী সহ কেইবাজনো লোকৰ লগতে পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ যুগল গোস্বামী,কিশোৰ নাথকে ধৰি কেইবা গৰাকীও বিশিষ্ট লোকে এই সমুহীয়া ইফটাৰ পাৰ্টীত অংশ গ্ৰহন কৰি অঞ্চলটোলৈ এক সমন্নয়ৰ বাৰ্তা কঢ়িয়াই আনে ৷ আজিৰ এই সমুহীয়া ইফটাৰ পাৰ্টীৰ পৰাই উপস্থিত সকলোৱে অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনায় ৷
- Log in to post comments
- 21 views