ৱাহিদুদ জামান,নগাঁও,৪ জুন
মধ্য অসমৰ স্ত্ৰী শিক্ষাৰ একমাত্ৰ বৃহৎ শিক্ষানুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।মহাবিদ্যালয় খনৰ চৌহদত বিশিষ্ট ব্যক্তি ,অধ্যাপক ,অধ্যাপিকা আৰু ছাত্ৰী সকলে বৃক্ষ ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১১ বজাৰ পৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ শীৰ্ষক এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয়।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ছাত্ৰী সকলক পৰিবেশ,সুস্থিৰ ৰখাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত তেওঁ গছ গছনি থাকিলেহে আমাৰ পৃথিৱীখন সেউজ হৈ থাকিব বুলি মন্তব্য কৰে।অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণৰ সঞ্চালক পি শিৱকুমাৰে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে বাখ্যা দাঙি ধৰি ৰাইজক বনাঞ্চলৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।তেওঁ কাজিৰঙা সম্পৰ্কেও বাখ্যা দাঙি ধৰে।
অনুষ্ঠানতে নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু কাজিৰঙা ব্যাঘ্র প্ৰকল্পৰ বন ৰক্ষক প্ৰণৱজ্যোতি বৰুৱাক সেউজ নায়ক বটা প্ৰদান কৰে।অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড:বলীন কুমাৰ ভূঞাই আদৰণি ভাষণ প্ৰদান কৰে।মহাবিদ্যালয় খনৰ এন এচ এচৰ কাৰ্যবাহী বিষয়া ড: অমিয়া পাটৰে আত ধৰা অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰে মহাবিদ্যালয় খনৰ গ্ৰীণ ক'ৰ্পৰ সমন্বয়ক ড: স্মৰজিৎ ওজাই অনুষ্ঠানৰ আৰম্ভনিতে এজাৰ,নাগচম্পা ,কৃষ্ণ চুড়া আদি মূল্যবান বৃক্ষ ৰোপন কৰা হয়।অনুষ্ঠানত প্ৰকৃতিবিদ প্ৰশান্ত কুমাৰ বৰদলৈ , ৰিলায়েন্স জিঅ,ভিওফাইণ্ডাৰ ফটোগ্ৰাফী ইন্টিষ্টিউত ,অষ্টম অসম এন চিচি বেটেলিয়ানৰ চুবেডাৰ সুনিল আৰণ,সহায় ,ৰক্তদান অসম,এ বি ভিপি গ্ৰীণ নিউজ ,এন এছ ইউ আই,নগাঁও কলেজ ষ্টুডেন্ট ইউনিয়ন,হেপাঁহ আদি অনুষ্ঠান আৰু ব্যক্তিয়ে অংশগ্রহণ কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলক বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰা হয়।
- Log in to post comments
- 53 views