হাজোৰ পৰা কমলাকান্ত দাস
তীৰ্থনগৰী হাজোৰ পাখামেলা চ’কত থকা এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত আজি দিন দুপৰতে এক ডকাইতি সংঘটিত হয়। পিস্তল
দেখুবাই ডকাইতে লুটিলে গ্ৰাহক কেন্দ্ৰটোৰ পৰা টকা ভৰ্তি বেগ। ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাইজৰ মাজত হূবা দুবা লাগে।পিছত ঘটনাত জড়িত হাকিম আলীক খেদি খেদি আটক কৰি ৰাইজে মাৰধৰ কৰে।ৰাইজৰ কবলৰ পৰা ডকাইত জনক হাজো আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ আনে।ধৃত ডকাইত জনৰ ঘৰ হাজোৰ শনিয়াদীত বুলি জানিব পৰা গৈছে।ঘটনাটো হাজো আৰক্ষীয়ে তদন্ত চলাই আছে।
- Log in to post comments
- 20 views