ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিনামূলীয়া যোগ প্ৰশিক্ষণ শিবিৰৰ আয়োজন

du

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা 

 

ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা ১৭ দিনীয়া বিনামূলীয়া যোগ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত  অহা ৫ জুনৰ পৰা ২১ জুনলৈ এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত হ'ব।


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "ষ্টুডেণ্ট ডে' একটিভিটি চেন্টাৰ"ত অনুষ্ঠিত হ'বলগীয়া বিনামূলীয়া যোগ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অধ্যাপক-অধ্যাপিকা,কৰ্মচাৰী তথা বিষয়ববীয়াসকলে অহা ৪ জুনৰ পূৰ্বে ৯৯৫৪৯৩৪০০৩ আৰু ৮৪৭৩০৬৯২৭৬ নম্বৰত SMS নাইবা What'sApp যোগে নিশ্চিত কৰিব পাৰিব । ইপিনে,mantubaro@dibru.ac.in নাইবা cspesdu@dibru.ac.inত ই-মেইলত যোগাযোগ কৰিব পাৰিব বুলি ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ডঃ মন্টু বড়োৱে জনাইছে ।প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব খোজা ইচ্ছুক ব্যক্তিসকলে নিজ নিজ বিভাগৰ নামসহ বয়স,লিংগ,বিভাগ
আৰু পদবী উল্লেখ কৰিব লাগিব । 


উল্লেখযোগ্য যে প্ৰতিদিনে পুৱা ৫:৪৫ বজাৰ  পৰা ৭:৩০ বজালৈ হ'বলগীয়া এই শিবিৰত অংশ
গ্ৰহণ কৰিবলগীয়া প্ৰশিক্ষাৰ্থীসকলে যোগাসনৰ পোছাক,খেলৰ পোছাক আৰু যোগমেট অনাটো বাধ্যতামূলক বুলি জনাইছে উদ্যোক্তাই।

Your Comments