নগাঁৱত চুৰি গাড়ী,হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ

th

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

 

যোৱা শনিবাৰে নগাঁও জিলাৰ জুৰীয়া চামধৰা গাৱঁৰ ইন্দ্ৰ বৰা নামৰ গাড়ী চালকজনৰ ঘৰৰ পৰা চুৰি হৈছিল এএছ০১বিভি৭৩৯৯ Aনম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন।পিছত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শ‌ইকীয়াৰ নেতৃত্বত এটা আৰক্ষী দলে ক্ষিপ্ৰতাৰে অভিযান চলাই বঢ়মপুৰৰ দলৈ গাঁৱৰ পৰা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চুৰিৰ ঘটনাটোৰ সৈতে জড়িত তিনিটা চোৰকো আৰক্ষীয়ে আটক কৰে।ধৃত চোৰকেইটা ক্ৰমে মতলাবুৰ ৰহমান, আজাদ আলী আৰু মানস শ‌ইকীয়া।

iu

ধৃত চোৰৰ দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা জুৰীয়া মৰাণ গাৱঁৰ মতলাবুৰ ৰহমানৰ বাসগৃহৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল আৰু আমতলৰ পৰা এএছ০২এফ ০১২১ নম্বৰৰ এখন ষ্টাৰ চিটি মটৰবাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় জুৰীয়া আৰক্ষীয়ে ৷ ইয়াৰে  আজাদ আলীয়ে পূৰ্বতে বহুকেইটা চুৰিকাৰ্য্য সংঘটিত কৰি জে'লৰ ভাত খাব লগীয়া হৈছিল ৷

Your Comments