উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য:গুমড়া সমবায়ৰ সচিবৰ বিৰুদ্ধে গোচৰ ৰুজু

barak

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

উচ্চ ন্যায়ালয়ৰ নির্দেশ অমান্য কৰি গুমড়া সমবায়ৰ সচিবৰ দায়িত্ব হস্তান্তৰ নকৰিলে বিতর্কিত সচিব অজয় বৈশ্যই।ইয়াৰ পিছত অজয় বৈশ্যৰ বিৰুদ্ধে গোচৰ তৰিলে বিভাগীয় আমোলা এআৰ কে কে সিঙে।যোৱা ৩০ মে'ত কাছাৰৰ গুমড়া আৰক্ষী চকীত অজয় বৈশ্যক অভিযুক্ত কৰি এআৰ কে কে সিংহই ৰুজু কৰে গোচৰ।গোচৰত বিভাগীয় আমোলা কে কে সিঙে উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছুদিন আগতেই দায়িত্ব হস্তান্তৰ কৰিবলৈ অজয় বৈশ্যক নির্দেশ দিছিল যদিও ন্যায়ালয়ৰ নির্দেশ অমান্য কৰিছে সচিব বৈশ্যই।

Your Comments