কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰ
শিৱসাগৰ : শিৱসাগৰ জিলা বন বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সহযোগত সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। উক্ত দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে প্ৰথম কাৰ্যসূচী হিচাপে জিলা বন বিভাগে এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত অনুষ্ঠিত এই চিত্ৰাংকণ প্ৰতিযোগিতাত জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। চিত্ৰাংকণ প্ৰতিযোগিতাৰ মূল বিষয় বস্তু আছিল বায়ু প্ৰদূষণ। সাম্প্ৰতিক সময়ত বায়ু প্ৰদূষণে জনজীৱনলৈ যি ভাবুকি কঢ়িয়াই আনিছে ইয়াক মানুহৰ মাজলৈ লৈ যাবৰ বাবে বন বিভাগে বায়ু প্ৰদূষণ শীৰ্ষক এই চিত্ৰাংকণ প্ৰতিযোগীতাখনিৰ আয়োজন কৰে। ১৪৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি বায়ু প্ৰদূষণ সম্পৰ্কীয় চিত্ৰ অংকন কৰি প্ৰতিযোগীতাখনি সফল কৰি তোলে।
আনহাতে অহা ৫ জুনত জিলা বন বিভাগে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলগীয়া বিশ্ব পৰিৱেশ দিৱসৰ মূল অনুষ্ঠানত এই চিত্ৰাংকণ প্ৰতিযোগীতাৰ বঁটা সমূহ প্ৰদান কৰিব।
এই অনুষ্ঠানত প্ৰশাসনৰ হৈ তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহান, বন বিভাগৰ বনাঞ্চলিক বিষয়া বাবুল বৰুৱা, উপ বনাঞ্চলিক বিষয়া পদ্মেশ্বৰ গগৈ, বনকৰ্মী চৈয়দ মাহমুদুল হাচান, খণ্ড বন বিষয়া নিৰঞ্জণ শৰ্মা, দিগন্ত চেতিয়া, আৰু বন পালক মুবিদ আলী উপস্থিত থাকে। প্ৰতিযোগীতাখনিৰ বিচাৰক হিচাপে থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰ শিল্পী আজানুৰ ৰহমান, দুলাল শীল, ধীৰেন মিলি আৰু ৰবীন পাংগিঙ।
- Log in to post comments
- 25 views