বঙাইগাঁওঃ ৩ জুনঃ
বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ বছৰেকীয়া সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ সভাপতি প্ৰাণেশ্বৰ লাহেড়ীৰ সভাপতিত্বত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সাধাৰণ সম্পাদক তথা অধ্যাপক ওম প্ৰকাশ শ্বাহে৷ বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹হিতেশ চন্দ্ৰ দাসে আদৰণি ভাষণ ৰখা সভাত সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিগত কাৰ্যকালৰ হিচাব-নিকাচ দাখিল কৰে৷ পিছত পুৰণি সমিতিখন ভংগ কৰি এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়৷ সভাত বৰপেটা লোক সভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ তথা বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আব্দুল খালেকক সভাপতি, গকুল কলিতাক কাৰ্যকৰী সভাপতি, নিৰ্মল কুমাৰ ৰায়, বিনু সাউদ, মিনা দেৱী, প্ৰভাকৰ তেৱাৰী আৰু জ্যোতিৰ্ময় বৈশ্যক উপ সভাপতি, মৃন্ময় ভট্টাচাৰ্যক সাধাৰণ সম্পাদক আৰু আব্দুল মালেক আৰু হিমাংশু দাসক প্ৰচাৰ সম্পাদক হিচাপেলৈ মুঠ ২১ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয় ৷ সভাত সমিতিৰ আহ্বায়ক তথা অধ্যাপক ভৱানী প্ৰসাদ শৰ্মা, অধ্যাপক টি কে বাহাদুৰ আদিও উপস্থিত থাকে ৷
- Log in to post comments
- 41 views