হোজাইৰ পৰা মানোজ পাঠকৰ প্রতিবেদন :
যোৱা দুদিন পূৰ্বে নখুটিৰ খাগৰিজানত দিনদুপৰতে হোৱা ডকাইতি কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওতেই, আজি পুনৰ এক জঘন্য কাণ্ড সংঘটিত হয় নখুতিৰ চাৰ্কেবস্তি লংকাইজানত ।ভূমি বিবাদক কেন্দ্ৰ কৰি আজিজুল হক নামৰ ৫০ উৰ্ধৰ এগৰাকী ব্যক্তিক একে গাঁৱৰে ফকৰুদ্দিন, আব্দুল ৰাশ্বিদ ,জৰিনা খাতুনে ডেগাৰ ,ৰদ ,আদিৰে মুৰত প্ৰহাৰ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে । স্থানীয় লোকৰ সহযোগত আজিজুল হকক আক্ৰমণকাৰীৰ হাতৰ পৰা কোনোমতে উদ্ধাৰ কৰি আনি স্থানীয় আৰক্ষীয়ে প্ৰথমতে হোজাইতে প্ৰাথমিক চিকিৎসা কৰাই সংকটজনক অৱস্থাত আজিজুলক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
- Log in to post comments
- 21 views
