নলবাৰীৰ পৰা হেমন্ত কলিতা
মঙলদৈ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক দেওবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা বিজেপিয়ে আয়োজন কৰা এটা অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা হয়।নলবাৰী জিলা বিজেপিৰ লগতে বিভিন্ন দল- সংগঠনে দুয়োগৰাকী সাংসদকে উষ্ম সম্বৰ্ধনা জনায়। নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা ,নলবাৰী পৌৰ সভাৰ সভানেত্ৰী বিপাশা দাস জিলা বিজেপিৰ উপ- সভাপতি অপূৰ্ব শৰ্মা আদি বহুকেইজন লোক অনুষ্ঠানত উপস্থিত থাকে।
সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াই ভাষণ প্ৰদান কৰি কয় যে তেওঁ নলবাৰীৰ লগতে মঙলদৈ সমষ্টিৰ সমস্যা সমাধানৰ বাবে দিল্লীত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব। উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ আগন্তুক পাঁচটা বছৰত কাম কৰি যাব বুলিও উল্লেখ কৰে।একেদৰে সাংসদ পুঁজিৰ ধন একেদিনাই সমভাৱে বিতৰণ কৰা হ'ব বুলিও এই সভাতে শইকীয়াই প্ৰতিশ্ৰুতি দিয়ে।আনহাতে,কুইন ওজাই কয় যে তেওঁ ৰাইজৰ সমস্যাৰ প্ৰতি সদায় সজাগ আৰু বৰক্ষেত্ৰী সমষ্টিতো উন্নয়নৰ ওপৰত গুৰুত্ব দিব।
অনুষ্ঠানত ভাষণ দি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আমি বুধিয়ক বা নেতা নহয়।ভোটাৰ ৰাইজহে বুধিয়ক আৰু নেতা।কাৰণ এইবাৰৰ নিৰ্বাচনত ভোটাৰ ৰাইজে নিজৰ জনাদেশ প্ৰকাশ কৰি পুনৰ দ্বিতীয়বৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত ভাৰতৰ শাসন ব্যৱস্থা গতাই দিছে। এয়া কেন্দ্ৰৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়ন -বিকাশ আৰু দেশৰ সুৰক্ষাত ত্ৰুটি নকৰাৰ সুফল বুলি দোহাৰে মন্ত্ৰী পাটোৱাৰীয়ে ।
- Log in to post comments
- 23 views