নামৰূপৰ পৰা সমীৰণ বৰুৱা
নামৰূপত 'গণেশ ডান্স একাডেমী'য়ে এদিনীয়া কার্যসূচীৰে দশম প্ৰতিষ্ঠা দিৱস পালন কৰে।কার্যসূচী অনুসৰি চিএাংকণ প্ৰতিযোগিতা,সন্ধিয়া ৭ বজাত নটৰাজ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়।কেক কাটি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰা হয়। লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়।একাডেমী সন্দৰ্ভত বিভিন্নজনে বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানত নামৰূপৰ বিভিন্ন দল -সংগঠন আৰু অঞ্চলবাসী ৰাইজ উপস্থিত থাকে।নৃত্য,গীত,ফেশ্বন শ্ব' আদিয়ে অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে।
- Log in to post comments
- 11 views