চৈধ্যদিনে সন্ধানহীন বেবেজীয়াৰ কাকমাৰীৰ নিতুমণি ডেকা

bebejiya

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তথা জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত কাকমাৰীৰ এজন যুৱক কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যত গৈ আজি দুসপ্তাহে সন্ধানহীন হৈ থকাৰ  পাছতো  কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । বিগত চৈধ্যদিনে সন্ধানহীন হৈ থকা যুৱকজন হৈছে কাকমাৰীৰ সমীপৰ বৰবড়িৰ নিতুমণি ডেকা । প্ৰাপ্ত বাতৰি মতে,যোৱা ১৯
মে'ৰ পুৱা ছয় বজাত ৰে'ল যোগে কৰ্মসংস্থাপনৰ বাবে নিতুমণি তেওঁৰ গৃহ অঞ্চলৰে অন্য তিনিজন যুৱকৰ সৈতে গুৱাহাটীৰ পৰা বাংগালুৰু অভিমুখে যাত্ৰা কৰে । যাত্ৰাৰ সময়ত ২০ মে'ৰ নিশা প্ৰায় ১০:৩০ বজাত লগৰীয়া বন্ধু তিনি
জনৰ কাষৰ পৰা প্ৰসাৱগাৰলৈ যোৱাৰ পাছৰ পৰাই চলন্ত ৰেলতেই সন্ধানহীন হৈ পৰে ।বহু সময় ধৰি নিতুমণিক বিচাৰি কোনো সম্ভেদ নোলোৱাত উক্ত নিশাই ঘৰত আৰু তাৰ পৰৱৰ্তী সময়চোৱাত তিনি বন্ধুয়ে ঘটনাৰ সবিশেষ চেন্নাই আৰক্ষীকো অৱগত কৰে । উল্লেখযোগ্য যে উক্ত ৰেলতেই যাত্ৰা কৰা এজন লোকে নিতুমণি ৰেলৰ পৰা তললৈ পৰি যোৱা দেখা পোৱা বুলি তিনি বন্ধুক জানিবলৈ দিয়ে যদিও কিদৰে পৰি গ'ল সেই সন্দৰ্ভত লোকজনে অজ্ঞতা প্ৰকাশ কৰে । ইফালে ২২ বছৰীয়া নিতুমণি ডেকাৰ দুৰ্ভগীয়া পৰিয়ালৰ সদস্যই যুৱকজন সন্ধানহীন হোৱা সন্দৰ্ভত জাজৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । ইপিনে নিতুমণি সন্ধানহীন হোৱাৰ চৈধ্যদিন অতিক্ৰম কৰাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত দুৰ্ভগীয়া পৰিয়ালটো সম্প্ৰতি মানসিকভাৱে ভাগি পৰিছে । সন্ধানহীন নিতুমণি ডেকাৰ সন্ধান কোনো ব্যক্তিয়ে লাভ কৰিলে  ওচৰৰ আৰক্ষী চকী নাইবা  ৯১০১৬৮৫৯৭৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ সদস্যই  অনুৰোধ জনাইছে ।

Your Comments