বৰপেটাৰোডত বিজেপিৰ উদ্যোগত কীৰ্তিমান ছাত্ৰ ছাত্ৰীক বিপুল সম্বৰ্ধনা

bjp

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড।

ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটাৰোড নগৰ মণ্ডল, গোৱৰ্ধনা ব্লক মণ্ডলৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত বৰপেটাৰোড অঞ্চলৰ হাইস্কুল, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক ক'লা, বিজ্ঞান আৰু বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধা প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰী সমূহক অভিনন্দন জনাবলৈ আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বিধায়ক ৰনজিৎ কুমাৰ দাসে ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ সিং, বৰনগৰ কলেজৰ অধ্যক্ষ ডঃ বীৰেন চক্ৰৱৰ্তী, জি এল চি কলেজৰ অধ্যক্ষ জগন্নাথ বৰ্মন, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি শিক্ষাৰ্থী সকলক শুভেচ্ছা জনায় ৷ অনুষ্ঠানত প্ৰায় দুশ গৰাকী প্ৰতিভাৱান ছাত্ৰছাত্ৰীক গামোচা, মানপত্ৰ, স্মাৰক, এখনকৈ ভাৰতবৰ্ষৰ সংবিধান, নগদ এক হেজাৰ আৰু একোটাকৈ গছ পুলি প্ৰদান কৰা হয় ৷

Your Comments