বঙাইগাঁওঃ
বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত মাধ্যমিক স্তৰৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইংৰাজী মাধ্যম)ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্র-ছাত্ৰীসকলক শনিবাৰে বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়৷
এই উপলক্ষে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল মান্নানৰ পৌৰোহিত্য অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ দাস, নৰ্থ বঙাইগাঁও হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ তত্বাৱধায়ক, মহাবিদ্যালয়ৰ ট্ৰাষ্টি আদি উপস্থিত থাকি বিদ্যালয়খনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত অতিথিসকলে ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা ভাষণো ৰাখে৷ উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়৷
- Log in to post comments
- 31 views