বঙাইগাঁওঃ
সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি বঙাইগাঁৱত অনুষ্ঠিত হয়৷ এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে সংগঠনটোৰ বঙাইগাঁও চহৰৰ চিলাৰায় বজাৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী তৰান্বিত কৰাৰ পোষকতা কৰে৷ সভাত এই সন্দৰ্ভত প্ৰস্তাৱো গ্ৰহণ কৰা হয়৷ সেই অনুসৰি চলিত মাহৰ ১৭ জুনত তমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী আৰু প্ৰস্তাৱিত কমতাপুৰ অঞ্চলৰ সাংসদযকলক দাবীৰ পৰিপ্ৰেক্ষিতত আলোচনাৰ্থে দিল্লী যাত্ৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷
আনহাতে অহা ২১ জুলাইত অভয়াপুৰী মহাবিদ্যালয়ত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইপিনে ১ জুনত সংগঠনটোৰ চিৰাং জিলা তদৰ্থ সমিতিখন গঠন কৰা হয়৷ এই উদ্দেশ্যে জিলাখনৰ বাসুগাঁৱৰ সমিপৱৰ্তী শাকাতি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ এই সাধাৰণ সভাতে ফণীভূষণ ৰায়ক সভাপতি আৰু প্ৰবীণ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ চিৰাং জিলা তদৰ্থ সমিতিখন গঠন কৰা হয় বুলিও বিবৃতিটোত সংগঠনটোৰ নেতৃত্বই উল্লেখ কৰিছে৷
- Log in to post comments
- 8 views